মুখ্যপৃষ্ঠা »খবৰ »অসম »ড্ৰাগছৰ ঘাটিত পৰিণত জালুকবাৰী! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিল কুখ্যাত সৰবৰাহকাৰী

ড্ৰাগছৰ ঘাটিত পৰিণত জালুকবাৰী! বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিল কুখ্যাত সৰবৰাহকাৰী

ধৃত সৰবৰাহকাৰী আমিনুলে মহানগৰীৰ বিভিন্ন অঞ্চললৈ ড্ৰাগছ যোগান ধৰি আহিছিল। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

  • Share this:
জালুকবাৰী আৰক্ষীৰ বৃহৎ সফলতা। জালুকবাৰী দলঙৰ তলত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন যুৱকক। আটকাধীন যুৱকজন আমিনুল ৰহমান।

ড্ৰাগছৰ কৰিডৰ হিচাপে পৰিগণিত হৈছে জালুকবাৰী! জালুকবাৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমিনুল ৰহমান। জালুকবাৰী আৰক্ষীয়ে এক গোপন  খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক। আটকাধীন সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৭৪টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, দুটা ড্ৰাগছভৰ্তি চাবোনৰ কেচ, নগদ ১১,৫০১ টকা উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে AS 01BL 3270 নম্বৰৰ এখন স্কুটী।

ধৃত সৰবৰাহকাৰী আমিনুলে মহানগৰীৰ বিভিন্ন অঞ্চললৈ ড্ৰাগছ যোগান ধৰি আহিছিল। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি