ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। দৰ্শণাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰা হ'ব ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ। জালুকবাৰীস্থিত সমাধিক্ষেত্ৰখন অতি শীঘ্ৰে পুনৰ মুকলিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই এখন আগশাৰীৰ অসমীয়া বাতৰি কাকতৰ ‘সম্পাদকলৈ চিঠি’ শিতানত সমাধিক্ষেত্ৰখন পুনৰ খোলাৰ বাবে লিখা এটা লেখা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই এই নিৰ্দেশনা দিয়ে।
উল্লেখযোগ্য যে কোৰোণা পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ ধৰি বন্ধ হৈ আছিল সমাধিক্ষেত্ৰখন। কোৰোণাৰ সন্ত্ৰাস ক্ৰমাৎ হ্ৰাস পোৱাৰ পিছত চৰকাৰে পাৰ্ক, ৰেস্তোৰাঁ, চিনেমা হল আদি খোলাৰ বাবে অনুমতি প্ৰদান কৰিছিল যদিও সমাধিক্ষেত্ৰখন পুনৰ খোলা নাছিল।
সমাধিক্ষেত্ৰ বন্ধ বাবে দূৰ–দূৰণিৰ পৰা অহা দৰ্শণাৰ্থীসকলে নিৰাশ মনেৰে উভতি যাবলগাত পৰিছিল। এই সন্দৰ্ভত News18 অসমতো ধাৰাবাহিক বাতৰি পৰিৱেশন কৰা হৈছিল। লগতে দৰ্শণাৰ্থীসকলে স্বাস্থ্যসন্মতভাৱে যাতে সমাধিক্ষেত্ৰ দৰ্শন কৰে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 21, 2021, 13:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।