গুৱাহাটীত মুকলি হ'ল ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়। গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ নৱ নিৰ্মিত ডিমা হাছাও সচিবালয়টো শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোছাই।সচিৱালয় ভৱন মুকলি অনুষ্ঠানত উপস্থিত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰানু লাংথাছাৰ লগতে পৰিষদৰ দহ গৰাকী কাৰ্য্যবাহী সদস্য ক্ৰমে চেমুৱেল চাংচন, গুলঞ্জ থাউছেন, ৰতন জাৰামবুছা, প্ৰজিট হোজাই, বিজিত লাংথাছা, নজিত কেম্প্ৰায়, দেৱজিৎ বাথাৰি, বিশ্বজিৎ ডাওলাগপু, নামৰোথাং মাৰ আৰু ৰাংগালুবে জেমি উপস্থিত আছিল।
অসমৰ আটাইতকৈ পুৰণি স্বায়ত্ব শাসিত পৰিষদ হ'ল ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ। এতিয়াৰে পৰা গুৱাহাটীৰ ডিমা হাছাও স্বায়ত্ব শাসিত সচিবালয়ৰ পৰাও পৰিচালনা হ'ব স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন কাৰ্যকলাপ। ইয়াৰ উপৰি কাউন্সিলে দেশৰ বিভিন্ন প্ৰান্তত ডিমাছা ভৱন নিৰ্মাণ কৰি থকাৰ কথাও মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোছাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সচিবালয়ৰ তলৰ মহলাত আছে ডিমা হাছাও ভৱন।
Published by: Kokil Sarma
FIRST PUBLISHED : February 11, 2023, 20:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।