ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক আটক। লেখাপানী আৰক্ষীয়ে পুৱা সোধা–পোছাৰ বাবে আটক কৰে ৰাহুলৰ ভাতৃ ৰুবুল ছেত্ৰীক। লেখাপানী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ কুঁহিয়াৰবাৰীত ঘৰ ৰাহুল ছেত্ৰীৰ।
উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। তিনিজনকৈ ছাত্র ৰেগিঙৰ বলি হৈছিল আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আনন্দ শৰ্মা নামৰ ছাত্রজন।
ইফালে, জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ দুজন ছাত্ৰকো এটা কোঠাত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল একাংশই। ইয়াৰ পিছত দুয়োকে উদ্ধাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা কৰাই অতিথি গৃহত নিশা সুৰক্ষাৰ কাৰণে ৰাখে। প্ৰায় ৪ মাহ ধৰি বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ আৱাসত ৰেগিং কাণ্ড হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|