মুখ্যপৃষ্ঠা »খবৰ »অসম »আইআইটি গুৱাহাটীত নেনো প্ৰযুক্তি আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ কেন্দ্ৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

আইআইটি গুৱাহাটীত নেনো প্ৰযুক্তি আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ কেন্দ্ৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

IIT Guwahati: উত্তৰ-পূৰ্বাঞ্চলক সেউজ শক্তি বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন আৰু জৈৱ-বৈচিত্ৰ্য আধাৰিত গৱেষণাৰ সুবিধা ল'বলৈ আইআইটি গুৱাহাটীক আহ্বান

IIT Guwahati: উত্তৰ-পূৰ্বাঞ্চলক সেউজ শক্তি বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন আৰু জৈৱ-বৈচিত্ৰ্য আধাৰিত গৱেষণাৰ সুবিধা ল'বলৈ আইআইটি গুৱাহাটীক আহ্বান

IIT Guwahati: উত্তৰ-পূৰ্বাঞ্চলক সেউজ শক্তি বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন আৰু জৈৱ-বৈচিত্ৰ্য আধাৰিত গৱেষণাৰ সুবিধা ল'বলৈ আইআইটি গুৱাহাটীক আহ্বান

  • Share this:

কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি আইআইটি গুৱাহাটীত অত্যাধুনিক নেনো টেকন'লজী কেন্দ্ৰ (CNT) আৰু ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰ (CIKS)ৰ লগতে প্ৰতিষ্ঠানটোৰ দুটা হোষ্টেল উদ্বোধন কৰে। তেওঁ প্ৰতিষ্ঠানটোত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ সন্দৰ্ভত এখন কিতাপো উন্মোচন কৰে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীৰ সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ কুইন ওজাও উপস্থিত থাকে।


অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে (Dharmendra Pradhan) আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট ৰেংকিং অৰ্জন কৰাৰ বাবে আইআইটি গুৱাহাটীক অভিনন্দন জ্ঞাপন কৰে আৰু গৱেষণা আৰু শিক্ষাৰ বাবে পৰিৱেশ গঢ়ি তোলাৰ লগতে উত্তৰ-পূবৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাবে আইআইটি গুৱাহাটীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ লগতে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত শিক্ষাৰ্থী আৰু শিক্ষকসকলক সমাধান কেন্দ্ৰিক উদ্ভাৱনৰ এক জীৱন্ত পৰিস্থিতি তন্ত্ৰ গঢ়ি তুলিবলৈ প্ৰযুক্তি আৰু জ্ঞানৰ সমন্বয় সাধনা কৰিবলৈ আহ্বান জনায়।


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনত তেওঁৰ সমাৱৰ্তন ভাষণত আইআইটি গুৱাহাটী (IIT Guwahati)ক ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বাবে কেন্দ্ৰ স্থাপনৰ পৰামৰ্শ দিছিল। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ক'ভিড-১৯ৰ সময়ত উদ্ভাৱন আৰু প্ৰযুক্তিয়ে আমাক পিপিটি কিটৰ ক্ষেত্ৰত সহায় কৰিছিল, ভেকচিনৰ বিকাশ আৰু উৎপাদনত আমাক সহায় কৰিছিল। আইআইটি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে সামাজিক কল্যাণৰ বাবে উদ্ভাৱনৰ সুবিধা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়।


উল্লেখ্য, চেণ্টাৰ ফৰ নেনো টেকন'লজী (CNT)ৰ লক্ষ্য হৈছে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু নেনো প্ৰযুক্তিবিদ্যাৰ উদ্যোগৰ সৈতে শৈক্ষিক অংশীদাৰিত্ব বৃদ্ধি কৰা। এই কেন্দ্ৰৰ বাবে ৩৭ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল। আনহাতে ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰ(CIKS)ই ভাৰতৰ অদ্বিতীয় জ্ঞানৰ সংৰক্ষণ, নথিভুক্ত আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিব।


এইক্ষেত্ৰত ভাৰতীয় শাস্ত্ৰীয় সংগীত, যোগ, সংস্কৃত, পৰম্পৰাগত ঔষধ, মন্দিৰ স্থাপত্য, চিৰামিক পৰম্পৰা আৰু উত্তৰ-পূব ভাৰতৰ বিশেষকৈ কৃষি পদ্ধতি, উত্তৰ-পূৰ্বাঞ্চলৰ ভেষজ উদ্ভিদ, অসমৰ ধাতুৰ কাম–কাজ আদি দিশত গুৰুত্ব আৰোপ কৰিব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি