ধাৰাপুৰ টাইকোৱাণ্ড একাডেমীয়ে পুনৰ সুনাম কঢ়িয়াবলৈ সক্ষম হ'ল। গুৱাহাটী মহানগৰীৰ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা দুদিনীয়া সদৌ গুৱাহাটী অপেন টাইকোৱাণ্ডো চেম্পিয়নশ্বীপত মহানগৰীৰ ধাৰাপুৰ টাইকোৱাণ্ডো একাডেমীৰ কেইবাজনো খেলুৱৈয়ে অংশগ্ৰহণ কৰি কেইবাটাও পদক লাভ কৰি ধাৰাপুৰলৈ সুনাম কঢ়িয়াই আনিছে ।
চেম্পিয়নশ্বীপত ধাৰাপুৰ টাইকোৱাণ্ডো একাডেমীৰ ৰিয়ান কাশ্যপ, তৃষ্ণা কলিতা আৰু দ্বীপ কলিতাই সোণৰ পদক জয় কৰে। একাডেমীখনৰ মধুস্মিতা কলিতা, কৌস্তভ প্ৰতিম ঠাকুৰীয়া, গৌতম দাস, হিৰক জ্যোতি দাস আৰু পৰীস্মিতা দাসে ৰূপৰ পদক জয় কৰাৰ বিপৰীতে যুৱৰাজ কলিতা, বাৰ্বী কলিতা, ৰিম্পী দাস, বনশ্ৰী কলিতা, মনালিছা যখৰীয়া, মানৱ মণ্ডল, ৰিংকু কৰোৱা, ভৃগু মণি দাসে পদক লাভ কৰে।
ধাৰাপুৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস আৰু কাৰিকৰী প্ৰশিক্ষক মুকুট বৈশ্যৰ নেতৃত্বত খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে কটন বিশ্ববিদ্যালয়ত। উক্ত খেলত বহু কেইখন জিলাৰ ২৭টা দলে অংশগ্ৰহণ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|