মুখ্যপৃষ্ঠা »খবৰ »অসম »সমষ্টি পুনৰ নিৰ্ধাৰণৰ দিশে আৰু এটা খোজ , ৰেডিশ্যন ব্লুত চলিছে শুনানি ...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ দিশে আৰু এটা খোজ , ৰেডিশ্যন ব্লুত চলিছে শুনানি ...

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহন কৰিলে শুনানি ৷ শুনানিক শাসকীয় পক্ষই জনালে আদৰণি, বিৰোধীৰ বিৰোধিতা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহন কৰিলে শুনানি ৷ শুনানিক শাসকীয় পক্ষই জনালে আদৰণি, বিৰোধীৰ বিৰোধিতা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহন কৰিলে শুনানি ৷ শুনানিক শাসকীয় পক্ষই জনালে আদৰণি, বিৰোধীৰ বিৰোধিতা ৷

  • Share this:
চলি থকা চৰ্চাবোৰেই সঁচা হোৱাৰ দিশে ৷ ক'বলৈ ওলাইছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহন কৰিলে শুনানি ৷ শুনানিক শাসকীয় পক্ষই জনালে আদৰণি, বিৰোধীৰ বিৰোধিতা ৷

সত্য প্ৰমাণিত হোৱাৰ দিশে NEWS18ত ইমানদিনে সম্প্ৰচাৰিত হোৱা বাতৰি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত কোকৰাঝাৰ লোকসভাৰ জনজাতীয় মৰ্যাদা নাথাকিব আৰু লখিমপুৰ  লোকসভা জনজাতিৰ বাবে সংৰক্ষিত হ'ব বুলি প্ৰথম দিনাৰ পৰাই আমি সম্প্ৰচাৰ কৰি আহিছো বাতৰি ৷ এই কথাৰ সত্যতা প্ৰমাণিত হ'ল পুনৰ নিৰ্ধাৰণৰ শুনানিৰ পিছতে ৷ শাসকীয় বিজেপি, UPPLৰ দাবী STৰ বাবে সংৰক্ষিত হৈ থাকিব লাগিব কোকৰাঝাৰ ৷ কোকৰাঝাৰক লৈ ঐক্যমতত বিজেপি আৰু UPPL ৷ অৱশ্যেই প্ৰতিক্ৰিয়া দিয়াৰ পৰা ৰহস্যজনকভাৱে নিজকে আঁতৰাই ৰাখিলে বিপিএফে ৷

কোকৰাঝাৰৰ ST মৰ্যাদা বৰ্তি থাকিবলৈ হ'লে লখিমপুৰ সংসদীয় সমষ্টিত ঘটিব লাগিব পৰিৱৰ্তন ৷ সেয়ে ধেমাজি জিলাত সৃষ্টি হ'ব লগীয়া চিচিবৰগাঁও বিধানসভা সমষ্টি হ'ব লাগিব অসংৰক্ষিত ৷ অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ বাবে এটা বিধানসভা সমষ্টি মুকলি কৰি ৰখাৰ পক্ষত বিজেপি ৷  ইফালে উজনি আৰু নামনিৰ জনসংখ্যাৰ তাৰতম্যৰ বাবে অগপ আৰু বিজেপিৰ দাবী, নামনিত বাঢ়িব নোৱাৰিব, উজনিত কমিব নোৱাৰিব সমষ্টি ৷ উজনি-নামনিৰ জনসংখ্যাৰ অসন্তুলতাৰ ওপৰত নজৰ ৰাখি পুনৰ নিৰ্ধাৰন প্ৰক্ৰিয়া কৰিবলৈ আৰ্জি অগপ, বিজেপিৰ ৷হোটেল ৰেডিশ্যন ব্লুত বহু আকাংক্ষিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে শুনানি গ্ৰহণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷ পুৱা ৯বজাৰ পৰা গ্ৰহন কৰা শুনানিত ভাগ ল'লে তৃণমূল কংগ্ৰেছ, CPI, CPI(M), NCP, আপ, AIUDF, বিজেপি, অগপ, UPPL, BPF আদি ৰাজনৈতিক দলে ৷ বিৰোধী পক্ষৰ হৈ প্ৰতিটো ৰাজনৈতিক দলৰ যুক্তি:  ২০১১ৰ লোকপিয়ল মতে কিয় নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ? ২০২৬ত সমগ্ৰ দেশৰ প্ৰক্ৰিয়ালৈ কিয় কৰা নহ'ল অপেক্ষা? আপৰ যুক্তি অকাট্য ৷ আম আদমী পাৰ্টিৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি প্ৰাক্তন বিধায়ক মামুদ ইমদাদুল হক চৌধুৰীৰ প্ৰশ্ন জন্মু-কাশ্মীৰত যদি ২০১১, অসমত কিয় ২০০১ৰ লোকপিয়ল? ইয়াৰ বিপৰীতে দিনটোৰ দ্বিতীয়খন শুনানিত উপস্থিত থকা অখিল গগৈ, লুৰিণজ্যোতি গগৈয়েও কৰিলে পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইদৰেই বিভিন্ন ৰাজনৈতিক দলে পৃথকে পৃথকে নিজৰ মতামত ৰাখিছে ৷ হয়তো ২০২৪ৰ লোকসভা নিৰ্বাচন হ'ব নতুন মানচিত্ৰৰে ৷ সমষ্টিৰ বৃদ্ধি নঘটিলেও সংৰক্ষণ ব্যৱস্থাত কোন কোন সমষ্টিৰ সালসলনি ঘটে সেয়াহে হ'ব লক্ষণীয় ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি