গুৱাহাটী, ১৩ মে’: কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ মুখথেকেচা । কৰ্ণাটকত নচলিল মোডীৰ যাদু । চলিল মাত্ৰ কংগ্ৰেছৰ যাদু । ফলাফলৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । শইকীয়াই কৰ্ণাটকৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে তেওঁ কয়- “কৰ্ণাটকৰ জনতাই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিলে । গনতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছক জয়ী কৰালে । কৰ্ণাটকত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সাম্প্ৰদয়িক বিষবাষ্প বিলাবলৈ চেষ্টা কৰিছিল । তেওঁলোকে কৈছিল কংগ্ৰেছ দল আহিলে কৰ্ণাটকত সম্পদায়িক সংঘৰ্ষ হ’ব । প্ৰধানমন্ত্ৰীয়ে ৪০ কিলোমিটাৰকৈ পদযাত্ৰা কৰিছিল ।
লাহে লাহে জনতাই বুজি উঠিছে যে এইবিলাকে আমাক দুৰ্বল কৰে আৰু দেশখন প্ৰগতিৰ পথৰ পৰা আতৰি আহে । সাধাৰণ জনতাই নিবনুৱা সমস্যাৰ সমাধান, উন্নয়ন বিচাৰে । ধৰ্মীয় উন্মাদনাৰ পৰা আঁতৰি থাকে সাধাৰণ জনতা । “ইয়াৰোপৰি বিৰোধী দলপতিগৰাকীয়ে আৰু কয় যে, দেশত যেতিয়া কংগ্ৰেছৰ বিপৰ্যয় হয়, কৰ্ণাটকৰ নিৰ্বাচনৰ পৰাই কংগ্ৰেছৰ উত্থান হয় । কৰ্ণাটকৰ সাম্প্ৰদায়িক ৰাজনৈতিক নেতাসকলক জনতাই উচিত প্ৰত্যুত্তৰ দিছে ।
অন্যহাতে হৰ্ছট্ৰেডিঙৰ বিৰুদ্ধেও সৰৱ হৈ বিৰোধী দলপতি গৰাকীয়ে কয়- “এয়া জনতাৰ ৰায়, ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বহুবাৰ নিৰ্বাচনী প্ৰচাৰ কৰিছিল কৰ্ণাটকত । প্ৰতিদিনে ১৮-২০ কোটি টকা কৰ্ণাটকৰ নিৰ্বাচনত খৰচ কৰিছিল বিজেপি দলে । দেশৰ দুৰৱস্থাৰ কথা জনতাই বুজি উঠিছে ।
কৰ্ণাটক ইয়াৰ উদাহৰণ । অসমৰ জনতায়ো কংগ্ৰেছক পুনৰ আদৰি ল’ব বুলি আত্মবিশ্বাসী দেৱব্ৰত শইকীয়া ।
- First Published :