এতিয়াৰে পৰা জিলা উপায়ুক্ত (Deputy Commissioner)সকলে ৰদ-বদল কৰিব পাৰিব জিলাত কৰ্তব্যৰত সকলো বিভাগৰ তৃতীয়, চৰ্তুথ বৰ্গ কৰ্মচাৰী (Assam Govt Employees) আৰু চিকিৎসাখণ্ডত কৰ্তব্যৰত নাৰ্ছ, লেবৰেটৰী টেকচিয়ান আৰু কনিষ্ঠ অভিযন্তাসকলক ৷
অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনৰ জিলাসমূহ এই এক্তিয়াৰৰ পৰা বাদ পৰিব ৷ এই বিষয়ত অধিসূচনা জাৰি কৰিলে ৰাজ্যৰ পাৰ্ছনেল বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাই ৷
ৰাইজৰ সেৱা সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছিল ৷ কেবিনেটৰ সিদ্ধান্তৰ পিছত অধিসূচনা জাৰি কৰিলে চৰকাৰৰ পাৰ্ছনেল বিভাগে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 10, 2021, 14:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।