বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / Guwahati News: স্মাৰ্ট চিটীৰ নামত ভেকোভাওনা, গুৱাহাটীত পথৰ জৰাজীৰ্ণ অৱস্থা

Guwahati News: স্মাৰ্ট চিটীৰ নামত ভেকোভাওনা, গুৱাহাটীত পথৰ জৰাজীৰ্ণ অৱস্থা

Road condition in various part of Guwahati city

Road condition in various part of Guwahati city

গাঁৱত সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত পথৰ ওপৰত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি সাধাৰণ জনতাই পথৰ দুৰৱস্থা জনপ্ৰতিনিধি তথা চৰকাৰৰ দৃষ্টিত পেলাইছিল। কিন্তু তেনে দুৰৱস্থা নগৰত হ’লে ?

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

গুৱাহাটী, ১৮ মে’: নেতাৰ মুখত উন্নয়নৰ কথা আখৈ ফুটা দি ফুটে ৷ কিন্তু স্মাৰ্ট চিটী কৰিবলৈ লোৱা গুৱাহাটীৰ উন্নয়নৰ নামত চলিছে প্ৰশাসনৰ ভেকোভাওনা । কেতবোৰ গ্ৰামাঞ্চলত বাট-পথৰ দুৰৱস্থাৰ ছবি দেখি আপুনিয়ো কৈছিল বা ভাবিছিল উন্নয়ন সচাঁকৈয়ে হৈছেনে ?

কাৰণ গাঁৱত সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত পথৰ ওপৰত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি সাধাৰণ জনতাই পথৰ দুৰৱস্থা জনপ্ৰতিনিধি তথা চৰকাৰৰ দৃষ্টিত পেলাইছিল। কিন্তু তেনে দুৰৱস্থা নগৰত হ’লে ? হয়, গুৱাহাটীৰ মহানগৰীৰ কথাকেই কৈছো । গুৱাহাটীত পথৰ নামত আপুনিও দেখিব পাৰে পুখুৰী ।

বিজ্ঞাপন

এইটো বেলতলাৰ পৰা ৰুক্মিনীগাঁও অভিমুখে যাব পৰা পথ । যিটো পথে সংযোগ কৰে জি এছ ৰোডকো । পথটোৰ দুৰৱস্থা দেখি আপুনি অনুমান কৰিব পাৰিব সচাঁকৈয়ে এয়া স্মাৰ্ট চিটীয়েনে ? পুখুৰী সদৃশ গাঁততেই প্ৰমাণ হয় মহানগৰীৰ উন্নয়ন ।

এই পথেৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে আহ যাহ কৰে সাধাৰণ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়লৈ ৷ কাষতে লাগি আছে এইটো সাধাৰণ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু সন্মুখত পুখুৰীসদৃশ গাঁত ।

প্ৰশাসন বা নেতাই যিমান উন্নয়নৰ কথা ক’লেও যেন দৃশ্যসমূহে উন্নয়নৰ ফোপোলা স্বৰূপটোহে দেখুৱাই দিছে ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন