দেশত পুনৰ বৃদ্ধি পাইছে কাল কোৰোণাৰ সংক্ৰমণ। অমিক্ৰন ভেৰিয়েণ্টে চিন্তাত পেলাইছে সকলোকে। ইতিমধ্যেই চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে বিশেষ নীতি-নিৰ্দেশনা। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শক্তিপীঠ কামাখ্যাতো লোৱা হৈছে বিশেষ সজাগতামূলক ব্যৱস্থা।
কোভিড বিধি মানি মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে দৰ্শনাৰ্থীসকলক। লগতে মন্দিৰ চৌহদত মাস্ক পৰিধান কৰাটো কৰা হৈছে বাধ্যতামূলক। এই কথা সংবাদ মাধ্যমক জনালে কামাখ্যা দেৱালয়ৰ সৰু দলৈ হিমাদ্ৰী হিমু শৰ্মাই।
উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকক্ষণত যথেষ্টসংখ্যক ভক্তৰ সমাগম ঘটে মা কামাখ্যা দেৱালয়ত।মাৰ দৰ্শনৰ সময়ত যাতে কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা। কোভিডৰ ভেকচিন নোলোৱা ব্যক্তিক মন্দিৰ প্ৰাংগণত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|