অসমত প্ৰতিদিনে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি মঙলবাৰৰ দিনটোত অসমত ২০২ টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। স্বাধীনতা উদযাপনৰ পাছদিনাই ৰাজ্যত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। মন কৰিবলগীয়া কথা যে, ১৬ আগষ্টৰ দিনটোত এজন লোকৰো কৰোনাৰ বাবে মৃত্যু মুখত পৰিব লগা হোৱা নাই।
উল্লেখযোগ্য যে, কভিদ–১৯ পৰীক্ষা কৰা ৫৫০২ জন মানুহৰ ভিতৰত ২০২ জন মানুহৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। বিগত দিনটোত ক'ৰোনা ভাইৰাছৰ বৃদ্ধিৰ হাৰ ৩.৬৭ শতাংশলৈ বৃদ্ধি পাইছে যি ১৫ আগষ্টৰ দিনটোত ৩.৬২ শতাংশ আছিল। কামৰূপ মহানগৰত বিগত দিনটোত ২৩ জন লোক ক'ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত ১ জন লোকেও নিজৰ প্ৰাণ হেৰুৱাব লগা হোৱা নাই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, ১৫ আগষ্ট তাৰিখে অসমত ৬৯০ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ২৫ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ক'ৰোনাত আক্ৰান্ত লোকসকলৰ ভিতৰত ৫ জন লোক কামৰূপ মহানগৰৰ আছিল। এইখিনিতে উল্লেখনীয় যে, ১৬ আগষ্টত ক'ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫২ শতাংশ হৈছিল যি ১৫ আগষ্টৰ সৈতে একেই আছিল। কিন্তু এই দিন দুটাৰ তুলনাত ১৪ আগষ্ট তাৰিখে সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৪৯ শতাংশহে আছিল।
দেশত ১৫ আগষ্টৰ দিনা সকলোৱে স্বাধীনতা দিৱস উদযাপন কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তত বহুলোকে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমতো বিভিন্ন ঠাইত এই দিৱস উলহ–মালহেৰে উদযাপন কৰা হয়। ইয়াৰ পৰৱৰ্তী দিনটোত অসমৰ কেইবাজনো লোকে ক'ৰোনা ভাইৰাছ পৰীক্ষা কৰায় আৰু কিছুসংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হয়। বৰ্তমানলৈ ১৪ এজনো লোক ক'ৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা হোৱা নাই বুলি জানিব পৰা গৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 17, 2022, 13:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।