মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ২৫ জন

অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ২৫ জন

বিগত ২৪ ঘণ্টাত অসমত ২৫ টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে একে সময়তে ৰাজ্যত ক'ৰোনাৰ ফলত ১ জন লোকৰ মৃত্যুও হৈছে।

  • Share this:
অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। মঙলবাৰে পুৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত অসমত ২৫ টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে একে সময়তে ৰাজ্যত ক'ৰোনাৰ ফলত ১ জন লোকৰ মৃত্যুও হৈছে।

উল্লেখযোগ্য যে, বিগত ২৪ ঘন্টাত কভিদ–১৯ পৰীক্ষা কৰা ৬৯০ জন মানুহৰ ভিতৰত ২৫ জন মানুহৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। বৰ্তমান ক'ৰোনা ভাইৰাছ বৃদ্ধিৰ হাৰ ৩.৬২ শতাংশ হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ৫ জনৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। তদুপৰি, বিগত দিনা ৰাজ্যত ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত ১ জন লোকৰ মৃত্যু হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি, ১৪ আগষ্ট তাৰিখে অসমত ৬১৩ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে আৰু কেৱল ১৭ জন লোকহে ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল, তাৰে ৫ জন লোক কামৰূপ মহানগৰৰ আছিল। মন কৰিবলগীয়া কথা যে, ১৫ আগষ্টত ক'ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫২ শতাংশ হৈছিল যি ১৪ আগষ্টত ৯৮.৪৯ শতাংশহে আছিল। ইয়াৰ উপৰিও, বিগত ১৪ আগষ্ট তাৰিখে অসমত এজনো লোক ক'ৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা হোৱা নাই।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি