এটি দীঘলীয়া বিৰতিৰ পিছত ৰাজ্যত ক্ৰমাত উৰ্দ্ধগামী হ'বলৈ ধৰিছে কোৰোণা (Corona)ৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যথনত নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই মাৰিলে ডাবল চেঞ্চুৰী। দিনটোতত অসমত সংক্ৰমিত হ'ল ২১০গৰাকী লোক।
উল্লেখ্য যে কামৰূপ মহানগৰ (Kamrup-M) জিলাত সৰ্বাধিক ৯৮ গৰাকী লোক আক্ৰান্ত হৈছে।
![]()
image-nhm assam fb page
আনহাতে কামৰূপ জিলাত সংক্ৰমিত হৈছে ২৬ গৰাকী, ডিব্ৰুগড়ত ১৯ আৰু দৰং জিলাত ১৪ গৰাকী লোক সংক্ৰমিত হৈছে।
বৰ্ধিত কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কোভিড হাস্পতালসমূহক পুনৰ সাজু কৰি তোলা হৈছে। সকলোকে কোভিড নীতি (Covid Rules) মানি চলিবলৈ আহ্বান জনাইছে চৰকাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|