মুখ্যপৃষ্ঠা »খবৰ »অসম »নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবৰ ৰহমানে

নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবৰ ৰহমানে

চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট নিদিয়াৰ বাবে জামিন প্ৰদান কৰে চাইবৰক৷

চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট নিদিয়াৰ বাবে জামিন প্ৰদান কৰে চাইবৰক৷

চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট নিদিয়াৰ বাবে জামিন প্ৰদান কৰে চাইবৰক৷

  • Share this:
নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাজশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্থ ACS চাইবৰ ৰহমানে৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চাইবৰ ৰহমানৰ৷

আয়তকৈ অধিক সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হোৱা এচিএছ বিষয়া চাইবৰ ৰহমানে এটা গোচৰত জামিন লাভ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা৷ ন্যায়ালয়ে নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চিএম ভিজিলেঞ্চে আদালতত চাৰ্জশ্বিট নিদিয়াৰ বাবে জামিন দিলে চাইবৰ ৰহমানক৷

মঙলবাৰে চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট নিদিয়াৰ বাবে জামিন প্ৰদান কৰে চাইবৰক৷ চাৰ্জশ্বিটত চাইবৰ ৰহমানৰ সম্পত্তিৰ তথ্য উল্লেখ কৰে আৰক্ষীয়ে৷ তদন্তত আৰক্ষীয়ে ১০৪টা স্থানত নামে–বেনামে মাটি–সম্পত্তিৰ তথ্য লাভ কৰিছে৷

‘মা মই জুবিনদাক লগ কৰিবলৈ যাওঁ’ – জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক!

চিএম ভিজিলেঞ্চে চাইবৰ ৰহমানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল৷ প্ৰথমটো গোচৰ আছিল আয়তকৈ অধিক সম্পত্তিৰ গোচৰ আৰু দ্বিতীয়টো গোচৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী৷ প্ৰথম গোচৰটোত আদালতে জামিন দিছে যদিও দ্বিতীয় গোচৰটোত আদালতে জামিনৰ সন্দৰ্ভত শুনানি গ্ৰহন কৰি আছে৷ আনহাতে চিএম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জামিন সন্দৰ্ভত মুখ খুলিব বিচৰা নাই যদিও চাৰ্জশ্বিট সময়মতে দিয়া বুলি দাবী কৰে৷

চলন্ত ৰে’লৰ সন্মুখত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৃত্যুক সাবটিলে যুৱকে

আনহাতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কি কাৰণত চাইবৰ ৰহমানে জামিন লাভ কৰিবলৈ সক্ষম হ’ল তাৰ ওপৰত আইনী প্ৰক্ৰিয়াৰ ওপৰত মন্তব্য কৰে৷ অধিবক্তাগৰাকীয়ে কোনো ধাৰাত যদি যাৱজ্জীৱন কাৰাদণ্ড, ফাঁচি হয় বা ১০ বছৰৰ অধিক কাৰাদণ্ডৰ বিধান আছে, সেইসমূহ গোচৰৰ চাৰ্জশ্বিট বা পুলিচ ৰিৰ্প’ট ৯০ দিনৰ ভিতৰত নিদিলে আদলতে জামিন দিবলৈ বাধ্য হয়৷ আৰক্ষীয়ে সময়মতে চাৰ্জশ্বিট দিব নোৱাৰাৰ বাবে চাইবৰ ৰহমানে জামিন লাভ কৰাৰ ঘটনাই আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে৷ নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্থ ACS চাইবৰ ৰহমানে৷

Assam News Today | News in Assamese | Latest News in Assamese

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি