দিনে দিনে কোৰোণা (Corona) আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। আজি আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ ৰচিলে অসমত। আজি দিনটোত ৰাজ্যত নতুনকৈ কোৰোণাত (Corona in Assam) আক্ৰান্ত হৈছে ৮০৭২ গৰাকী লোক। কোৰোণাৰ আৰম্ভণিৰে পৰা আজিলৈ এদিনতে আজি অভিলেখ হাৰত সংক্ৰমণ হৈছে।
উল্লেখ্য যে কেৱল গুৱাহাটীতে ১,৯৯৬ জন লোক আক্ৰান্ত হৈছে কোৰণাত। দিনটোত ৰাজ্যত মৃত্যু হৈছে ১৬ গৰাকী কোৰোণা আক্ৰান্তৰ।
দিনটোত ডিব্ৰুগড়ত ৫৫১, কাছাৰত ৪৭৪, যোৰহাটত ৪৭০, কামৰূপত ৩৯৪, তিনিচুকীয়াত ৩০১, নগাঁৱত ২৮৮, গোলাঘাটত ২৭৩, লখিমপুৰত ২০৫, নলবাৰীত ২৪০বৰপোটাত ২৫৩, ধুবুৰীত ২৪০ গৰাকী লোক আক্ৰান্ত হৈছে।
উল্লেখ্য যে সোমবাৰে ৰাজ্যত আক্ৰন্তৰ সংখ্যা আছিল ৬৯৮২ গৰাকী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|