মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Airport Name Controversy : ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সলনি আদানীৰ নামত হ'ব বৰঝাৰ বিমান বন্দৰ! তোলপাৰ অসমৰ ছচিয়েল মিডিয়া।

Guwahati Airport Name Controversy : ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সলনি আদানীৰ নামত হ'ব বৰঝাৰ বিমান বন্দৰ! তোলপাৰ অসমৰ ছচিয়েল মিডিয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মছিব নোৱাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মছিব নোৱাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মছিব নোৱাৰে।

  • Share this:
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (LGBI Airport)ৰ নাম সলনিক লৈ উত্তাল হৈছে অসম। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে থকা বিমান বন্দৰৰ নামটো আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামেৰে নামকৰণ হ'ব বুলি বাতৰি ওলোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অধিকাংশই কৰিছে বিৰোধিতা।

বিমান বন্দৰটো ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে ৰাজ্যত। তাৰ মাজতে আজি সংবাদপত্ৰত প্ৰকাশিত এটা বিজ্ঞাপনৰ পিছতে জাঙুৰ খাই উঠে অসমবাসী। 'আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয়  বিমান বন্দৰ লিমিটেড' (Adani Guwahati International Airport Limited)ৰ নামত নিবিদা বিচাৰি প্ৰকাশ পোৱা বিজ্ঞাপনটোৱে তোলপাৰ লগায় ৰাজ্যত।



ছচিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে ব্যাপক হাৰত চৰ্চা হয়। বিভইন্ন দল সংগঠনেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।

অসম জাতীয় পৰিষদে "এই কু-অভিসন্ধিক প্ৰতিজন প্রকৃত অসমীয়াই নিন্দা কৰিব আৰু ওফৰাই পেলাব" বুলি নাম সলনিৰ বিৰোধিতা কৰে।



অৱশ্যে কোনো কাৰণতে বিমান বন্দৰৰ নামৰ পৰা গোপীনাথ বৰদলৈৰ নাম মচিব দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মচিব নোৱাৰে।

উল্লেখ্য যে বৰঝাৰ বিমান বন্দৰটো হৈছে উত্তৰপূবৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 'আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয়  বিমান বন্দৰ লিমিটেড'ৰ নামত বিজ্ঞাপন প্ৰকাশ পাইছে যদিও এইপৰ্যন্ত নাম ফলক সলনি হোৱা নাই বিমান বন্দৰৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি