ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এখন গুৰুত্বপূৰ্ণ জাননী। বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে কৰা এই জাননীৰ জৰিয়তে বিশ্ববিদ্যালয়খনত ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে। বিগত ৩০ জুন তাৰিখৰ পৰা বিশ্ববিদ্যালয়খনত ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে বুলি উক্ত জাননীযোগে প্ৰকাশ কৰিছে।
উল্লেখ্য যে, এই সংক্ৰান্তত সংবাদ মাধ্যমৰ আগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে জনোৱা মতে ঠিকাভিত্তিক শিক্ষকৰ সেৱা বন্ধ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ নিৰ্দেশৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্যপালৰ এই নিৰ্দেশৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে সিদ্ধান্তক লৈ তেওঁ যথেষ্ট দুঃখিত বুলি প্ৰকাশ কৰে। লগতে এখন বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্ৰত কিছু স্বাধীনতা থকা উচিত বুলিও তেখেতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ হোৱাৰ পাছতেই বিশ্ববিদ্যালয়ত বহু অসুবিধা হ'ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ লগতে এম.এড.ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ বিশেষভাৱে প্ৰভাৱিত হ'ব বুলি কয়। ইয়াৰ মূল কাৰণটো হ'ল যে এই বিভাগসমূহত স্থায়ী শিক্ষকৰ সংখ্যা তেনেই তাকৰ। অৱশ্যে, বিশ্ববিদ্যালয়খনত খালী হৈ থকা বহু স্থায়ী শিক্ষকৰ পদ অতি শীঘ্ৰে পূৰণ কৰা হ'ব বুলিও তেখেতে সংবাদ মাধ্যমক জনায়।
জানিব পৰা মতে, ঠিকাভিত্তিক শিক্ষকৰ সেৱা বন্ধৰ বাবে লোৱা সিদ্ধান্তৰ ওপৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি এক অনলাইন বৈঠক আয়োজন কৰিছে। এই বৈঠকৰ অন্ততহে সকলো কথা স্পষ্টকৈ জানিব পৰা যাব। আনহাতে, যিসকল ঠিকাভিত্তিক শিক্ষকে বিগত দিনসমূহত বিশ্ববিদ্যালয়ত সেৱা আগবঢ়াই আছিল তেওঁলোকলৈ উপাচাৰ্যগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন।
গুৱাহাটী বিশ্ববিদ্যালয়ে ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াক লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিষয়টো পুনৰ বিবেচনা কৰাৰ লগতে ৰাজ্যপালক বিশ্ববিদ্যালয়ৰ সমস্যাসমূহৰ বিষয়ে অবগত কৰিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ। এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই। এই সংক্ৰান্তত আছুৱে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীলৈ এক পত্ৰও প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|