শুকুৰবাৰে বিহাৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল মিঠু আগৰৱালক। শনিবাৰে বিহাৰৰ আদালতৰ পৰা ট্ৰেনজিৎ ৰিমাণ্ডত লোৱা হয় মিঠুক ৷
খবৰ অনুসৰি, কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয় আহি পাইছে মিঠু। উল্লেখযোগ্য যে, গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত আছিল মিঠু আগৰৱাল। ডিনচান গ্লোবেল প্ৰাইভেট লিমিটেডৰ অংশীদাৰ আছিল মিঠু ৷
ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি মিঠু আগৰৱালে সংঘটিত কৰিছিল বিয়াগোম কেলেংকাৰী। গাড়ীৰ ভূৱা পঞ্জীয়ন নম্বৰ দেখুৱাই উলিয়াই নিছিল ঠিকাৰ বিল। শ শ ভূৱা চালান প্ৰস্তুত কৰিছিল ধৃত মিঠু আগৰৱালাই। তদুপৰি, ভূৱা চীল-চহীৰে উলিয়াই নিছিল বোকা নিষ্কাষণৰ নামৰ বিল ৷
উল্লেখযোগ্য যে, মাষ্টাৰ মাইণ্ড মিঠু আৰু দীনেশে মেনেজ কৰিছিল গুৱাহাটী পৌৰ নিগমৰ ১১ বিষয়া-অভিযন্তাক। ৪৪ দিন ধৰি পলাই আছিল এই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড মিঠু আগৰৱাল ৷
জানিব পৰা অনুসৰি, পশ্চিম বংগ আৰু বিহাৰৰ বহু স্থানত আত্মগোপন কৰি আছিল কুখ্যাত মিঠুৱে। শুকুৰবাৰে নিশা বিহাৰৰ চুপাল জিলাৰ ত্ৰিবেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ হয় মিঠু। চিএম ভিজিলেঞ্চৰ ৪ জনীয়া এটা দলে গ্ৰেপ্তাৰ কৰে কুখ্যাত মিঠু আগৰৱালক।
গ্ৰেপ্তাৰৰ পিছতে শনিবাৰে মিঠুৰ বেলতলাৰ ঘৰতো অভিযান চলাই ভিজিলেঞ্চে। অভিযানত জব্দ কৰিছে কেলেংকাৰীৰ বহু আপত্তিজনক নথি-পত্ৰ। দেওবাৰে পুৱা প্ৰায় ১০ বজাত বিহাৰৰ পৰা আহি পায় মিঠু আগৰৱাল। মুখ্যমন্ত্ৰী তদাৰকী কোষে ১০ দিনৰ জিম্মাত বিচাৰিব মিঠু আগৰৱালক।
Published by: Subham Goswami
FIRST PUBLISHED : December 04, 2022, 20:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।