অ'লা-উবেৰ কেব সেৱাৰ নামত চালক তথা মালিকক ৰামঠগন বহুজাতিক কোম্পানীৰ । অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই চালকসকলৰ পৰা ১০০ টকাৰ বিপৰীতে ৩০-৫০ শতাংশ কমিছন কাটি ৰখাৰ অভিযোগ কেব চালকসকলৰ ।
বহুবাৰ অ'লা-উবেৰৰ কেব বন্ধৰ কাৰ্যসূচী মালিকপক্ষ তথা চালকসকলে হাতত লৈছে যদিও আজিও সফল হ'ব পৰা নাই । কিয়নো প্ৰতিটো মুহূৰ্ততে প্ৰতিস্থান দুটাই মালিক তথা চালকসকলক অৱহেলা কৰা দেখিবলৈ পোৱা যায় ।
অন্যহাতে চালকসকলে অভিযোগ কৰে যে বহুজাতিক প্ৰতিস্থান দুটাই বহু মাহ ধৰি জি এচ টি, কমিচনৰ নামত মাধমাৰ সোধাই আহিছে । ইপিনে হাই ডিমাণ্ডৰ নামত যাত্ৰীসকলকো মাধমাৰ সোধোৱাৰ অভিযোগ উঠিছে ।
ইয়াৰোপৰি গুৱাহাটীত প্ৰতিস্থান দুটাৰ স্থায়ী কাৰ্যালয় নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তৃতীয় পক্ষৰ দ্বাৰা বহুজাতিক প্ৰতিস্থানকেইটাই গুৱাহাটীত বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰে চালকসকলে । বহুবাৰ চালকসকলে বৈঠক অনুস্থিত কৰাৰ লগতে কেব মজদুৰ সংঘইয়ো বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতো কোনো কানসাৰ নাই বহুজাতিক কোম্পানী দুটাৰ ।
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 17:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।