ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো যাত্ৰা। নফৰত ছৰো হাথ ছে হাথ জোড়োৰ দৰে বহু শ্লোগান লৈ ২৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে তিনি মাহ ধৰি চলিব এই হাথ ছে হাথ জোড়ো যাত্ৰা।

কংগ্ৰেছৰ এই হাথ ছে হাথ জোড়ো যাত্ৰাই দেশৰ প্ৰতিঘৰ লোকক সম্পৰ্ক কৰাৰ চেষ্টা কৰিব । বুধবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি এই কথা অবগত কৰে। অৱসৰপ্ৰাপ্ত উইং কামান্ডাৰ অনুমা আচাৰ্য্যই সংবাদ মেল সম্বোধন কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অনুমা আচাৰ্য্যই কয় যে প্ৰত্যেক বছৰে দুই কোটি নিবনুৱাক চাকৰি দিম বুলি কোৱাসকল আজি টোপনিত। বিজেপিয়ে আপনা চাথ আপনা বিকাশ সৱকা চাথ বুলি বিশ্বাসঘাটকতা কৰিছে বুলি কোৱা অনুমা আচাৰ্য্যই মূল্যবৃদ্ধিৰ কৰাল গ্ৰাসৰ পৰা আমি ওলাই আহিব লাগিব বুলি কয়। গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব এয়া দেশত নাভূত নাশ্ৰুত ঘটনা। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই দেশৰ সংবিধানক অপমান কৰিছে বুলি কয় অনুমা আচাৰ্য্যই। বিজেপি শাসনত ভয়ংকৰ অৰ্থ সংকটৰ দিশে অগ্ৰসৰ হৈছে দেশ। সীমান্তত চীনে আমাক ক্ষতি কৰিছে, চীন দেশৰ পৰা আমি বাচিব লাগিব বুলিও কয় অনুমা আচাৰ্য্যই। সংবাদ মেলত এপিচিচিৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ, জোষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত আৰু অপূৰ্ব ভট্টাচাৰ্য উপস্থিত থাকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|