• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Decisions: স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ ৫০ লাখ টকাৰ অনুদান, DSP মৰ্যাদা ৰাজ্য চৰকাৰৰ

Cabinet Decisions: স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ ৫০ লাখ টকাৰ অনুদান, DSP মৰ্যাদা ৰাজ্য চৰকাৰৰ

Nayanmoni Saikia: বাৰ্মিংহাম কমনৱেলথ গেমছত ইতিহাস সৃষ্টী কৰি লনবলত ভাৰতীয় দলে সোণৰ পদক জয় কৰিছিল। প্ৰথমবাৰৰ বাবে লনবলত সোণৰ পদক জয় কৰা দলত আছিল অসমৰ নয়নমণি শইকীয়াও। 

  • Share this:
সদ্য সমাপ্ত বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক জয় কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম সন্তান নয়নমণি শইকীয়া (Nayanmoni Saikia)লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব বিশেষ সন্মান। আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

লনবল (Lawn Bowls)ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়ালৈ ৰাজ্য চৰকাৰে যাঁচিছে ৫০ লাখ টকাৰ আৰ্তিক অনুদান। ইয়াৰউপৰি নয়নমণি শইকীয়াক DSP মৰ্যাদাসহ ফৰেষ্ট কামাণ্ডেণ্ট পদবীৰে সন্মানিত কৰা হৈছে।

আগন্তুক ৩ ছেপ্তেম্বৰত অভিৰুচী দিৱসত নয়নমণিক এই উপহাৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। চৰকাৰৰ ক্ৰীড়া নীতিৰ অধীনত নয়নমণিক এই সন্মান প্ৰদান কৰা হ'ব।

উল্লেখ্য যে বাৰ্মিংহাম কমনৱেলথ গেমছ (Commonwealth Games 2022)ত ইতিহাস সৃষ্টী কৰি লনবলত ভাৰতীয় দলে সোণৰ পদক জয় কৰিছিল। প্ৰথমবাৰৰ বাবে লনবলত সোণৰ পদক জয় কৰা দলত আছিল অসমৰ নয়নমণি শইকীয়াও।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি