কমনৱেল্থ গেমছ (commonwealth games)ত দুৰ্দান্ত আৰম্ভণি কৰিছে অসমৰ বক্সাৰ শিৱ থাপা (Shiva Thapa)ই। আৰম্ভণিৰ খেলতে শিৱ থাপাই প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বক্সাৰক ধৰাশায়ী কৰে। পাক বক্সাৰ ছুলেমান বালটছৰ বিৰুদ্ধে শিৱ থাপাই ঐতিহাসিক জয় (Shiva Thapa Wins) সাব্যস্ত কৰে। ছুলেমান বালটছক ৫-০ ব্যৱধানত পৰাস্ত কৰে শিৱ থাপাই। এই জয়ৰ লগে লগে কমনৱেলথ গেমছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিলে অসমৰ গৌৰৱ শিৱ থাপাই।
পাকিস্তানৰ বিৰুদ্ধে এই জয় ৰাজ্যবাসীক উপহাৰ দিলে শিৱ থাপাই। News18ৰ সৈতে বাৰ্মিংহামৰ পৰা এক Exclusive ভিডিঅ' সাক্ষাতকাৰত শিৱ থাপাই ৰাজ্যবাসীক ধন্যবাদ জনায়।
শিৱ থাপাৰ লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক। কমনৱেলথ গেমছত স্বৰ্ণপদকৰ লাভৰ চেষ্টা চলাব শিৱই।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 29, 2022, 17:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।