মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰস্তুতি কেনে চলিছে ? সপত্নীক বিহুৰ আখৰা চালে ড° শৰ্মাই

প্ৰস্তুতি কেনে চলিছে ? সপত্নীক বিহুৰ আখৰা চালে ড° শৰ্মাই

প্ৰশিক্ষকৰ দ্বাৰা পৰিবেশিত বিহু নৃত্য বুধবাৰে সপত্নীক মুখ্যমন্ত্রীয়ে উপভোগ কৰাৰ লগতে প্ৰস্তুতিৰ বুজ লয় । ইয়াৰোপৰি শিল্পীসকলক উৎসাহ যোগায় মুখ্যমন্ত্রীয়ে । কাইলৈ অন্ত পৰিব প্ৰশিক্ষকৰ চাৰিদিনীয়া প্ৰশিক্ষণ । 

  • Share this:

গুৱাহাটী, ১ মাৰ্চ: ৰাজ্য চৰকাৰৰ বিশেষ প্ৰয়াস, গীনিজ বুকত স্থান লাভ কৰিব বিহুৱে। সৰুসজাইত চলিছে বিহুৰ আখৰা । আজি বিয়লিভাগত সৰুসজাইত বিহুৰ আখৰাৰ বুজ ল'বলৈ উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।

প্ৰশিক্ষকৰ দ্বাৰা পৰিৱেশিত বিহু নৃত্য সপত্নীক মুখ্যমন্ত্রীয়ে উপভোগ কৰাৰ লগতে প্ৰস্তুতিৰ বুজ লয়। ইয়াৰ উপৰি শিল্পীসকলক উৎসাহ যোগায় মুখ্যমন্ত্রীয়ে। কাইলৈ অন্ত পৰিব প্ৰশিক্ষকৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ।

বিহু সমিতিলৈ ডেৰ লাখৰ সাহায্য, শিপিনীৰ পৰা ক্ৰয় কৰিব ১০০ কোটি টকাৰ গামোচা, অসমত ১৪ এপ্ৰিললৈ পাৱাৰলুমৰ সাজ নিষিদ্ধ। হয়, ৰাজ্য চৰকাৰে অসমীয়া জাতিৰ হিয়াৰ আমঠু বাপতিসাহোন ৰঙালীক আদৰিবলৈ লৈছে ব্যাপক প্ৰস্তুতি।

গীনিজ বুকত বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে চৰকাৰৰ এই প্ৰশংসনীয় সিদ্ধান্ত। ১১,১২০ গৰাকী বিহুৱাই একেলগে বিহু প্ৰদৰ্শনৰ বাবে লৈছে সিদ্ধান্ত। ১৪ এপ্রিলৰ আবেলিলৈ মূল অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব অনুষ্ঠানৰ সময়। দেশৰ সকলো TV চেনেলতে পোনপটীয়া সম্প্ৰচাৰ হ'ব ১১,১২০ গৰাকী বিহুৱা-বিহুৱতীয়ে পৰিৱেশন কৰিবলগীয়া বিহুৰ এই বিশেষ অনুষ্ঠান।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি