ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে দল এৰি যোগদান কৰিলে অন্য দলত ৷ এইবাৰ সুস্মিতা দেৱেও কৰিলে দল ত্যাগ ৷ তাৰ পিছতো আত্মবিশ্বাস কমা নাই APCCৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ ৷ ভূপেন বৰাৰ মতে, ২০২৪ৰ পিছত কংগ্ৰেছলৈ উভতি আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আচৰিত হ'লগীয়া একো নাই, এই ভৱিষ্যৎ বাণী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়বাব থকা স্বত্তেও সুস্মিতা দেৱে দেওবাৰে নিশা কংগ্ৰেছ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। ২৪ ঘণ্টা পাৰ নৌ হওতেই এই মন্তব্য কৰে ভূপেন বৰাই ৷
ভূপেন বৰাই পুনৰ ক'লে,"কংগ্ৰেছ এৰি ৰঘুমলা হ'ব সুস্মিতা ৷ চূড়ান্ত হতাশগ্ৰস্ততাত দল ত্যাগ কৰিছে সুস্মিতাই ৷ এটা নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ে মনোবল হেৰুৱাইছে সুস্মিতাই ৷ গান্ধী পৰিয়ালৰ সৈতে ভাল সম্বন্ধ থকা এটা পৰিয়াল সুস্মিতাহঁতৰ পৰিয়ালটো ৷ ক্ষতি আমাৰ হ'ব, কিন্তু আমি আৰু বহু সুস্মিতাক বিচাৰি উলিয়াব লাগিব ৷ মই নাভাবোঁ 'কা' বা আন কিবা ইছ্যুত দল এৰিছে সুস্মিতা দেৱে ৷ ক'ত যোগদান কৰে সেয়া তেওঁৰ নিজা কথা ৷"
ভূপেন বৰাই আৰু কয়, "সুস্মিতা দেৱ মোৰ ভনীৰ দৰে, সেই সম্বন্ধ বৰ্তি থাকিব ৷ সুস্মিতাৰ কথাত সুস্মিতাক বটবৃক্ষ বুলি ভাবিছিলোঁ, কিন্তু সৰু বতাহ এজাকতে উৰি যাব বুলি ভবা নাছিলোঁ ৷ আপোনালোকে চাই থাকক কংগ্ৰেছ আকৌ শাসনলৈ আহিব ৷ ২০২৪ত ঘটিব পট পৰিবৰ্তন ৷ বিজেপিৰ পৰা ঘুৰি আহিব ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙো আহিব কংগ্ৰেছলৈ।"
এই বিষয়টোতে APCCৰ সভাপতি গৰাকীয়ে ক'লে 'হিষ্ট্ৰী ৰিপিট ইটছেল্ফ' ৷ ২০২৪ৰ পিছত কংগ্ৰেছলৈ আহিব হিমন্ত বিশ্ব শৰ্মা, তাৰ আগতে কংগ্ৰেছত যোগদান কৰিব এন বীৰেণ সিঙে ৷
এই খবৰ বিয়পি পৰাৰ লগে লগে ভূপেন বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৷ ভৱেশ কলিতাৰ স্পষ্ট কথা, "নিজ দলক কেনেকৈ উদ্ধাৰ কৰিব সেয়া ভাবক ভূপেন বৰাই ৷"
ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই ক'লে, "মৃতপ্ৰায় কংগ্ৰেছে সপোন দেখা বাদ দি বাস্তৱৰ মুখামুখি হওক ৷"
সুস্মিতা দেৱৰ পদত্যাগৰ পিছতে কংগ্ৰেছৰ কংগ্ৰেছ ত্যাগ কৰিব বুলি চৰ্চিত হৈছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম ৷ অৱশ্যে বৰদলৈৰ তৰফৰ পৰা তেনে কোনো ইংগিত পোৱা হোৱা নাই।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 16, 2021, 19:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|