মুখ্যপৃষ্ঠা »খবৰ »অসম »Himanta Biswa Sarma: ১৭খন জিলা ১৫ গৰাকী মন্ত্ৰী, ডেডলাইন ২৭ জুলাই, বানত ক্ষতিগ্ৰস্ত ৰাইজে কেতিয়া পাব ঘৰ

Himanta Biswa Sarma: ১৭খন জিলা ১৫ গৰাকী মন্ত্ৰী, ডেডলাইন ২৭ জুলাই, বানত ক্ষতিগ্ৰস্ত ৰাইজে কেতিয়া পাব ঘৰ

File Photo

File Photo

Assam Flood Relief: বানত ক্ষতিগ্ৰস্ত ঘৰৰ সবিশেষ তথ্য ২৭ জুলাইৰ ভিতৰত মুখ্যমন্ত্ৰীক দিব লাগিব মন্ত্ৰীসকলে প্ৰতিবেদন ৷ বানাক্ৰান্ত ১৭ জিলাত ভাগে ভাগে দিছে মন্ত্ৰীক তথ্য আহৰণৰ তথ্য ৷ ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ঘৰৰ গৰাকীক সাহাৰ্য দিবলৈ সাজু মুখ্যমন্ত্ৰী।

  • Share this:
অহা ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰসমূহ (Flood Effected Houses) মেৰামতিৰ বাবে ইতিমধ্যে ঘোষণা কৰা চৰকাৰী সাহাৰ্য (Flood Relief) প্ৰদানৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ শনিবাৰে এই নিৰ্দেশ দিলে প্ৰতিজন মন্ত্ৰীক ৷ জিলা ভিত্তিত একোজন মন্ত্ৰীক দায়িত্ব দি মুখ্যমন্ত্ৰী ড° শৰ্মাই বানত ক্ষতিগ্ৰস্ত ঘৰৰ চৰকাৰী সাহাৰ্য দিবলৈ লগত বিষয়াৰ দল নিবলৈও নিৰ্দেশ দিয়ে ৷

ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷ পৰ্যায় ক্ৰমে প্ৰদান কৰা হৈছে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক ৩৮০০কৈ টকা ৷

ইয়াৰ পিছত ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবে চৰকাৰী সাহায্য দিবলৈ মন্ত্ৰীসকলক জিলা ভিত্তিক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে ৷ বৰাকত হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷ কৰিমগঞ্জত বিমল বৰা আৰু কাছাৰৰ দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক ৷

ইপিনে হোজাইত কেশৱ মহন্ত, নগাঁৱত অতুল বৰা, দৰং আৰু কামৰূপৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে ৷ ওদালগুৰিত ইউ জি ব্ৰহ্ম, তামুলপুৰত সঞ্জয় কিষাণ, নলবাৰীত নন্দিতা গাৰ্লোছা, বাক্সাত যোগেন মহন, বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস, বৰপেটা আৰু বজালীৰ দায়িত্ব দিছে মন্ত্ৰী ডা° ৰণোজ পেগুৰ হাতত ৷ একেদৰে পিযুষ হাজৰিকাক মৰিগাঁও, শোণিতপুৰত অজন্তা নেওগ আৰু ধুবুৰীৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী অশোক সিংহলৰ হাতত ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি