সাৰ্বভৌমত্বৰ ওপৰত আলফা স্বাধীনৰে আলোচনা হ'ব নোৱাৰে। আজি এই কথা স্পষ্চ কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
"আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিব বিচাৰে; আৰু আমি সাৰ্বভৌমত্ব ৰক্ষাৰ শপত লৈছোঁ। গতিকে এই বিষয়ত আলোচনা হ’ব নোৱাৰে।" আজি দিল্লীত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ আৰু কয় যে অসমৰ ৰাইজে শান্তি বিচাৰে; পৰেশ বৰুৱাইও আলোচনাৰ পোষকতা কৰিছে শান্তিৰ স্বাৰ্থত। গতিকে সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি, সময় লৈ এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চেষ্টা কৰা হ’ব ।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 03, 2021, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|