মুখ্যপৃষ্ঠা »খবৰ »অসম »হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত অৱতীৰ্ণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বলাৰ কোন?

হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত অৱতীৰ্ণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বলাৰ কোন?

আজি উত্তৰ গুৱাহাটীত অসম ক্ৰিকেট এছ'চিয়েচনৰ আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড আৰু পেভিলিয়ন উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি উত্তৰ গুৱাহাটীত অসম ক্ৰিকেট এছ'চিয়েচনৰ আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড আৰু পেভিলিয়ন উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীত অসম ক্ৰিকেট এছ'চিয়েচনৰ আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড আৰু পেভিলিয়ন উদ্বোধন কৰে। এই খেলপথাৰখনত কাইলৈৰ পৰা মেঘালয় আৰু ছিকিমৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিচিচিআই অনুমোদিত প্ৰথমখন ঘৰুৱা খেল অনুষ্ঠিত হ'ব।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন সুবিধাটোৱে ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলক উৎসাহ প্ৰদান কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন অত্যাধুনিক ক্ৰিকেট একাডেমী বিকশিত কৰিবলৈ অসম ক্ৰিকেট এছ'চিয়েচনক আহ্বান জনোৱা হৈছিল।


তেওঁ পুনৰ কয়– ''আমাৰ খেলুৱৈসকলক সৰ্বশ্ৰেষ্ঠ সুবিধা প্ৰদান কৰাৰ বাবে, আমি ইতিমধ্যে চন্দ্ৰপুৰত এটা নতুন ক্ৰীড়া কমপ্লেক্স নিৰ্মাণৰ বাবে ১৫০ কোটি টকা ধাৰ্য কৰিছোঁ। লগতে ৰাজ্যজুৰি ৫২খন নতুন ষ্টেডিয়াম আহি আছে।''


উল্লেখ্য, আজি মুখ্যমন্ত্ৰীয়ে ক্ৰিকেট গ্ৰাউণ্ড আৰু পেভিলিয়ন উদ্বোধন কৰাৰ সময়ত হাতত বেট লৈ ক্ৰিজত ক্ৰিকেটাৰৰ ৰূপত অৱতীৰ্ণ হয়। টুইটাৰযোগে পোষ্ট কৰা এই ছবিখনত অৱশ্যে বলাৰ কোন আছিল জনা নগ'ল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি