ৰাস পূৰ্ণিমাৰ দিনটোত মাজুলীত এটা দিন আৰু এটা নিশা কটাই ৰাজধানী দিছপুৰলৈ উভতি আহিল মুখ্যমন্ত্ৰী Himanta Biswa Sarma ৷ উভতি আহিয়েই বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই ভূটানৰ কনছুলেট জেনেৰেল (The consulate general of Bhutan in Guwahati) ফুব শ্বেৰিঙৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকাৰত মিলিত হয়৷
এই সাক্ষাৎকালত অসম আৰু ভূটানৰ মাজৰ পাৰস্পৰিক স্বাৰ্থজনিত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ দুয়োটা ভৌগোলিক অঞ্চলৰ উন্নয়নমূলক কাৰ্য ব্যৱস্থাসমূহ অটুট ৰাখি এই সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ দুয়োজন প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে ৷