শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাক ৪০০০ টকাৰ জৰিমনা বিহিলে কামৰূপ মহানগৰ CJM আদালতে। চমন দিয়া সত্বেও সময়মতে আদালতত হাজিৰ নহ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু পত্নী ৰিণিকি ভূঞা শৰ্মা। যাৰ বাবে আদালতে প্ৰথমে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰাৰ নিৰ্দেশনা দিয়ে যদিও পিছত অধিবক্তাৰ আবেদনত সেয়া প্ৰত্যাহাৰ কৰে।
উল্লেখ্য যে ২০১৯ ৰ লোকসভা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। শুকুৰবাৰে পুৱা ১০ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু পত্নী ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma)ক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ CJM আদালতে।
কিন্তু পুৱা ১০, ৫৫ বজালৈ আদালতত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰী আৰু পত্নী। মুখ্যমন্ত্ৰীৰ হৈ কোনো অধিবক্তাও উপস্থিত হোৱা নাছিল ১০.৫৫ পৰ্যন্ত। যাৰ ফলত আদালতে জাৰী কৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰীৰ নিৰ্দেশ।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হৈ আদালতত উপস্থিত হয় অধিবক্তা। মুখ্যমন্ত্ৰী পূৰ্ব নিৰ্ধাৰিতভাৱে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ কাৰ্যসূচীত ব্যস্ত থকাৰ কথা জনোৱা হয় আদালতত। একেদৰে ৰিণিকি ভূঞা শৰ্মাও পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ব্যস্ত থকা বুলি জনোৱা হয়। একেসময়তে ১১ ফেব্ৰুৱাৰীতহে চমন জাৰী কৰা কাৰণে আদালতত হাজিৰ হ'বলৈ পৰ্যাপ্ত সময় নাপালে বুলিও অধিবক্তাই কাৰণ দৰ্শায় আৰু গ্ৰেপ্তাৰী পৰোৱানা জাৰীৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।
অধিবক্তাৰ আবেদনৰ ভিত্তিত আদালতে প্ৰত্যাহাৰ কৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰাৰ নিৰ্দেশ আৰু মুখ্যমন্ত্ৰী আৰু ৰিণিকি ভূঞা শৰ্মাক ২০০০ টকাকৈ জৰিমনা বিহে। মুখ্যমন্ত্ৰীৰ অধিবক্তাই ৪ সপ্তাহৰ সময় বিচাৰে। আদালতে অহা ২১ মাৰ্চত পৰৱৰ্তী শুনানিৰ তাৰিখ দি সেইদিনা মুখ্যমন্ত্ৰীক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।
![]()
![]()
![]()
২০১৯ ৰ লোকসভা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী।
নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|