বহুদিন ধৰি খবৰৰ শিৰোনাম দখল কৰি আছে শিশুসকলৰ অজান জ্বৰৰ খবৰে (Children Fever)৷ কোৰোনাৰ সৈতে এই জ্বৰৰ কোনো সম্পৰ্ক নাথাকিলেও এই জ্বৰৰ প্ৰকোপো কম নহয়। আনকি এই জ্বৰত মৃত্যু পৰ্যন্ত হোৱাৰ খবৰ প্ৰকাশ। তীব্ৰ জ্বৰ- উশাহ লোৱাত কষ্ট, নিউমনিয়াত (Children Pneumonia) আক্ৰান্ত হৈছে শিশুসকল। তেওঁলোকৰ হাওঁফাওঁ আক্ৰান্ত হৈছে। প্ৰাথমিকভাৱে ভাইৰেল ফিভাৰ (Children Viral fever) বা কেতিয়াবা ডেংগু অথবা স্ক্ৰাব টাইফাচ আৰু কোনো কোনো ইনফ্লুৱেঞ্জা বি ভাইৰাছতো আক্ৰান্ত হৈছে। কি কৰিলে শিশুসকল সুৰক্ষিত থাকিব? কোনবোৰ লক্ষণ দেখিলেই সতৰ্ক হ’ব অভিভাৱক আৰু সৰ্বোপৰি কিভাৱে এই ৰোগৰ পৰা মুক্তি লাভ কৰিব? এই প্ৰশ্নবোৰৰ উত্তৰ দিছে শিশুৰোগ বিশেষজ্ঞ সুমিতা সাহাই (Child Specialist Dr. Sumita Saha)৷
১) প্রশ্ন- সৰু ল’ৰা–ছোৱালীৰ জ্বৰ–চৰ্দি হৈ থাকে? সাৱধান কেতিয়া হ’ব লাগে?
উত্তৰ-শিশুসকল অলপতে চৰ্দি–কাহত ভোগে, তাতেই এতিয়া ফ্লুৰ বতৰ। কেতিয়াবা ৰ’দ দিছে, কেতিয়াবা বৰষুণ। গতিকে ভাইৰেল ফ্লুৰ (Viral Flu) সমানে বেক্টেৰিয়াল নিউমনিয়াও (Bacterial Pneumonia) হোৱা দেখা গৈছে। ভাইৰেল ফ্লুত এণ্টিবায়টিক নালাগে। ১ বা ২বছৰৰ শিশুসকলৰো উশাহ লোৱাত কষ্ট দেখা গৈছে, আনকি ভেণ্টিলেশ্যনতো গৈছে (Children in Ventilation), শিশুসকলক অক্সিজেন দিবলগীয়া হৈছে বা নেবুলাইজেশ্যন দিবলগীয়া হৈছে। অৱশ্যে এয়া অসুখ বুজি কৰা উপচাৰ। অভিভাৱকৰ মাজত ভয় ইমানেই বেচি হৈছে যে শিশু অসুস্থ হ’লেই চিকিৎসকৰ কাষলৈ আহিবলৈ লৈছে। স্বাভাৱিকতে শিশু সন্তানৰ গ বেয়া হ’লে মাক–দেউতাকৰ চিন্তা বাঢ়ে। তথাপিও ৬মাহতকৈ বয়স কম নহ’লে অন্ততঃ ৪৮দিন অৰ্থাৎ ২দিন ঘৰতে পৰ্যৱেক্ষণত ৰাখিব লাগে শিশুক।
২) প্রশ্ন- এই জ্বৰৰ লক্ষণ কি কি?
উত্তৰ- দুদিনীয়া জ্বৰ। ১০২–১০৩ ডিগ্ৰী পৰ্যন্ত জ্বৰ উঠে। নাকৰ পৰা পানী বৈ থাকিব অনবৰত। হাঁচি–কাহ লগত। বহুত সময়ত বমি হোৱাও দেখা গৈছে। এই সকলোবোৰ ভাইৰেল ফ্লুৰ লক্ষণ (Symptoms of Children Viral Flu)৷ আনহাতে বেক্টেৰিয়েল নিউমনিয়া (Symptoms of Bacterial Pneumonia in Children) হ’লে হাঁচি বা নাকৰ পৰা পানী নোলায়। গা বিষ হ’ব, বুকুত চৰ্দি, ঘৰঘৰ কাহ হয়। বেক্টেৰিয়েল নিউমনিয়াত তীব্ৰ জ্বৰ (High Fever) থাকে৷
যিটো কথা তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য কৰিব লাগে সেয়া হৈছে দুদিনৰ অধিক জ্বৰ, অত্যাধিক জ্বৰ (১০২-১০৩ ডিগ্রি) উঠিছে নে কি? শিশুটোৱে স্বাভাৱিকভাৱে খাব পাৰিছে নে নাই? খোৱাৰ পৰিমাণ আধাতকৈও কম হৈছে নে কি? প্ৰস্ৰাৱৰ পৰিমাণ কমিছে নে কি? লগতে উশাহ–নিশাহ লোৱাত কষ্ট হৈছে নে কি? যদি এইবোৰ থাকে তেনেহ’লে শিশুক ঘৰত নাৰাখি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
৩) প্রশ্ন- প্রাথমিকভাৱে, চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈও সময় লাগে। সেই সময়ত মাক–দেউতাকে কি কৰিব? প্ৰাথমিক কিবা চিকিৎসা আছে নে কি?
উত্তৰ- এই সময়চোৱাত শিশু অসুস্থ হ’লে প্ৰাথমিকভাৱে (Treatment Children Viral Flu) শিশুটিক আৰামত ৰখাটোৱে লক্ষ্য। এই সময়চোৱাত চেষ্টা কৰিব লাগে যাতে শিশুটিয়ে শাৰীৰিকভাৱে কিছু আৰামত থাকিব পাৰে। জ্বৰৰ কাৰণে পেৰাচিটামল দিব পাৰে। ইয়াৰ ফলত হাঁচি–কাহত অলপ আৰাম পাব পাৰিব। একেবাৰে সৰু শিশু (বিশেষকৈ ছমাহৰ কম বয়সৰ শিশু, যিয়ে মাকৰ গাখীৰ খায়) নাক বন্ধ হ’লে খাবলৈ অসুবিধা পায়, খুব কষ্ট ভোগে। তেওঁলোকক চেলাইন ড্ৰপ দিয়াব পাৰি। চেলাইন ড্ৰপ ডাঙৰসকলকো দিব পাৰি। ইয়াৰ ফলত উশাহৰ সমস্যা দূৰ হ’ব। যিসকল অলপ ডাঙৰ, গাৰ্গল কৰিব পাৰে, বা ভেপাৰ লোৱাত সক্ষম তেওঁলোকে এইবোৰ কৰিলে কিছু কষ্টৰ পৰা মুক্তি পাব। লগতে চকু ৰাখিব লাগে যাতে শিশুসকলৰ উশাহ ঘন ঘন হৈছে নে কি বা আন গুৰুতৰ লক্ষণ দেখা দিছে নে কি? এণ্টি এলাৰ্জী জাতীয় ঔষধ দিব পাৰি।
ঘৰত অক্সিমিটাৰেৰে শিশুৰ অক্সিজেনৰ মাত্ৰা চাব পাৰি।
৪) প্রশ্ন- কোন বয়সৰ শিশুৰ মাজত সংক্ৰমণৰ আশংকা বেছি?
উত্তৰ- নির্দিষ্ট কোনো বয়স নাই, যিকোনো বয়সৰ শিশুৰ মাজতে এই লক্ষণে দেখা দিব পাৰে। হয়তো ডাঙৰৰ জ্বৰ হৈ কম সময়তে ভাল পাইছে আৰু তেওঁৰ পৰাই শিশুসকল সংক্ৰমিত হৈছে। এই জ্বৰত শিশুসকল বেছি ভুগিছে।
৫) যিসকল শিশু একেবাৰে সৰু, কথাই ক’ব নোৱাৰে। তেওঁলোকক কেনেকৈ চোৱা–চিতা কৰিব?
উত্তৰ- একেবাৰে সৰু শিশু যিয়ে মাকৰ গাখীৰ খায় (precaution for breat feeding baby) তেওঁলোকৰ কাৰণে মাকজনী সাৱধানে থাকিব লাগিব। মাতৃৰ যদি চৰ্দি হৈছে তেনেহ’লে তেওঁ শিশুৰ পৰা দূৰৈত থকা বাঞ্চনীয়। অৱশ্যে মাকৰ গাখীৰ খুওৱা বন্ধ কৰিব নালাগে। কাৰণে মাকৰ গাখীৰ খালেহে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। মাকৰ গাখীৰৰ পৰা ভাইৰাছ নাহে। বতাহৰ সৈতেহে এই ৰোগ বিয়পে। কোৰোনাৰ ক্ষেত্ৰত যেনেকৈ সাৱধানতা লোৱা হয় ইয়াতো একেই সাৱধানতা ল’ব লাগে। মাকে দুখন মাস্ক পিন্ধিহে শিশুৰ ওচৰলৈ যাব লাগে, ব্ৰেষ্ট ফিডৰ সময়তো। মনত ৰাখিব লাগিব যে নাক–মুখ চুই সেই হাতেৰে শিশুটিক যাতে স্পৰ্শ নকৰে। বাৰেবাৰে শিশুটিক হাত লগাওতে হাত ধুই ল’ব। ঘৰৰ যাৰ চৰ্দি–কাহ হৈছে তেওঁলোক শিশুৰ ওচৰলৈ নোযোৱাই ভাল।
৬) প্রশ্ন- এই জ্বৰ বা সংক্রমণ এৰাই চলিবলৈ কি কি কৰিব লাগিব?
উত্তৰ- কোভিডৰ ক্ষেত্ৰত যি যি সাৱধানতা অৱলম্বন কৰা হয় একেই সাৱধানতা ল’ব লাগিব। মাস্ক পিন্ধা, বাৰে বাৰে হাত ধোৱা, প্ৰয়োজনত আইচ’লেট হৈ থকা। লক্ষণ সমূহ তীক্ষ্ণ দৃষ্টিৰে পৰ্যৱেক্ষণ কৰিব লাগিব।
৭) প্রশ্ন- চিকিৎসা কি?
উত্তৰ- কি হৈছে, তাৰ ওপৰতহে চিকিৎসা (Treatment for Children Viral Fever) নিৰ্ভৰ কৰিব ৷ যদি ভাইৰেল ফ্লু হৈছে, তেনেহ’লে একধৰণৰ চিকিৎসা যদি বেক্টেৰিয়েল নিউমনিয়া হয় তেনেহ’লে অন্যধৰণৰ চিকিৎসা। ১বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ভাইৰেল ফ্লু হ’লে উশাহ লোৱাত কষ্ট হোৱালৈ চাই চেলাইন ড্ৰপ দিয়াব লাগিব। কেতিয়াবা নেবুলাইজাৰৰ ব্যৱহাৰ কৰিব লাগিব। প্রয়োজন অনুসৰি চিৰাপো দিব লাগিব। সকলো লক্ষণৰ ওপৰত ভিত্তি কৰি কৰা চিকিৎসা। এইক্ষেত্ৰত এণ্টিবায়টিকৰ প্ৰয়োজন নাই।
আনহাতে বেক্টেৰিয়েল নিউমনিয়া হ’লে এণ্টিবায়টিক দিবলগীয়া হ’ব। প্ৰয়োজনত হাস্পতালত ভৰ্তি কৰাবলগীয়াও হ’ব। শিশুক অক্সিজেন দিবলগীয়াও হ’ব পাৰে। ৬ মাহৰ কম বয়সীয়া শিশুৰ শাৰীৰিক অৱস্থা বুজি ভেণ্টিলেশ্যনতো ৰাখিবলগীয়া হ’ব পাৰে।
যিহেতু কোৰোনাভাইৰাছৰ সংক্ৰমণৰ সৈতে মিলা লক্ষণ দেখা গৈছে সেয়ে বুজিব লাগিব যে শিশুৰ সেয়া ক’ভিড নে সাধাৰণ ফ্লু। বিভিন্ন ক্ষেত্ৰত ক’ভিডৰ লক্ষণৰ সৈতে স্বাদ–গন্ধ নোপোৱাৰ কথাও থাকে। গতিকে এনে লক্ষণ থাকিলে শিশুৰ ক’ভিড পৰীক্ষাৰ ওপৰত জোৰ দিব লাগে। নহ’লে ভাইৰেল ফ্লুৰ চিকিৎসা আৰম্ভ কৰিব লাগে। যদিহে শিশুক হাস্পতালত ভৰ্তি কৰোৱা হয় তেতিয়া এনেও বাধ্যতামূলক ক’ভিড পৰীক্ষা কৰা হয়েই।
FIRST PUBLISHED : October 06, 2021, 13:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।