মুখ্যপৃষ্ঠা »খবৰ »অসম »সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নৰ আহ্বানত গুৱাহাটী মহানগৰীত ২৪ ঘন্টীয়া কেৱ সেৱা বন্ধ

সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নৰ আহ্বানত গুৱাহাটী মহানগৰীত ২৪ ঘন্টীয়া কেৱ সেৱা বন্ধ

এই বন্ধক  সদৌ অসম কেৱ মজদুৰ সংঘই সমৰ্থন জনাইছে

এই বন্ধক  সদৌ অসম কেৱ মজদুৰ সংঘই সমৰ্থন জনাইছে

এই বন্ধক  সদৌ অসম কেৱ মজদুৰ সংঘই সমৰ্থন জনাইছে

  • Share this:
আজি ২২ নৱেম্বৰ তাৰিখে গুৱাহাটী মহানগৰীত  অ’লা–উবেৰ, টেক্সী সেৱা বন্ধ থাকিব। সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নে ২৪ ঘণ্টাৰ বাবে অ’লা-উবেৰ সেৱাসমূহ বন্ধৰ আহ্বান কৰিছে। জানিব পৰা মতে, এই বন্ধক  সদৌ অসম কেৱ মজদুৰ সংঘই সমৰ্থন জনাইছে।

উল্লেখ্য যে, কোম্পানীয়ে চালকসকলক দীৰ্ঘদিনে চলাই অহা শোষণ বন্ধ কৰাৰ দাবীত এই বন্ধ দিয়া হৈছে। অ’লা–উবেৰ, টেক্সী চালকৰ সমস্যা সমাধানত ইয়াৰ কোম্পানীসমূহে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নে। লগতে তেওঁলোকে ৰাজ্যিক পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি