৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (68th National Film Awards)ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছে পৰিচালক কৃপাল কলিতাৰ ব্ৰীজ (Bridge) নামৰ ছবিখনে। কৃপাল কলিতাৰ ব্ৰীজত নৈৰ ওপৰেৰে এখন দলঙক কেন্দ্ৰ কৰি ক্ষতি, হতাশা আৰু শোকৰ কাহিনী বৰ্ণনা কৰা হৈছে। বানপানীৰ মাজত এগৰাকী দৃঢ়প্ৰতিজ্ঞ ছোৱালীৰ বেদনা আৰু কষ্টৰ কাহিনী প্ৰতিফলিত হৈছে ব্ৰীজত। এই ছবিখনে ইয়াৰ পূৰ্বে আন কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে।
আনহাতে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষভাৱে সন্মানিত হৈছে অভিনেত্ৰী আইমী বৰুৱা (Aimee Baruah)। ডিমাছা ভাষাৰ ছবি ছেমখৰ (Semkhor)ত কৰা অনবদ্য অভিনয়ৰ বাবে 'জুৰীৰ বিশেষ উল্লেখ' সন্মান প্ৰদান কৰা হৈছে আইমীলৈ। একে সময়তে আইমী বৰুৱাই পৰিচালনা কৰা প্ৰথমখন ডিমাছা ভাষাৰ ছবি ছেমখৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজতকমল লাভ কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 22, 2022, 20:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।