উত্তৰ পূব সীমান্ত ৰে'লৱেত বিশ্ব স্তন্যপান সপ্তাহ (Breastfeeding Week 2022)পালন কৰা হয়। এই উপলক্ষে শনিবাৰে দিনটোত গুৱাহাটী ৰে'ল ষ্টেচনৰ ১ নং প্লেটফৰ্মত স্তন্যপান কিয়স্ক (Breastfeeding Kiosk) এটা মুকলি কৰা হয়। এই স্তন্যপান কিয়স্কটোৱে নৱজাতক থকা মহিলা ৰে'ল যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। ই এগৰাকী মাতৃক সুৰক্ষিত পৰিৱেশত আৰু গোপনীয়তাৰে তেওঁৰ কেঁচুৱাটোক সঠিকভাৱে স্তন্যপান কৰাবলৈ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও, সুন্দৰভাৱে ডিজাইন কৰা এই কিয়স্কত স্তন্যপানৰ গুৰুত্ব আৰু জনসজাগতাৰ পক্ষে ইয়াৰ লাভালাভৰ ওপৰত বিভিন্ন বাৰ্তা আছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সক্ৰিয় সহযোগিতাত ৰ'টাৰী ক্লাব অফ গুৱাহাটী আইকনচৰ দ্বাৰা এই কিয়স্কটো স্থাপন কৰা হয়।
উত্তৰ-পূব সীমান্ত ৰে'লৱে, গুৱাহাটীৰ অতিৰিক্ত মাণ্ডলিক ৰে'লৱে প্ৰৱন্ধক জে পি সিঙে প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামী (Nishita Goswami) আৰু ৰে'লৱেৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াবৰ্গ আৰু ৰ’টাৰী ক্লাব, গুৱাহাটী আইকনচৰ সদস্যসকলৰ উপস্থিতিত এই কিয়স্কটো উদ্বোধন কৰে। নিজৰ ভাষণ প্ৰসঙ্গত জে পি সিঙে ৰ’টাৰী ক্লাব, গুৱাহাটী আইকনচৰ প্ৰশংসা কৰে যিটো গুৱাহাটীস্থিত ৰ’টাৰী ইণ্টাৰনেচনেলৰ ডিষ্ট্ৰিক্ট ৩২৪০ৰ এক নতুন প্ৰয়াস আৰু আগন্তুক দিনত কামাখ্যা ৰে'ল ষ্টেচনতো এনে ধৰণৰ আন এটা কিয়স্ক স্থাপন কৰা হ'ব বুলি তেখেতে জানিবলৈ দিয়ে।
প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে তেওঁৰ ভাষণত অধিক মহিলাক লাভান্বিত কৰাৰ বাবে ৰাজহুৱা স্থানত এনে কিয়স্ক থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লাখ লাখ লোকৰ পদাৰ্পণ হোৱা ৰে'লৱে ষ্টেচনৰ দৰে ঠাইত এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰে'লৱে আৰু ৰ’টাৰী ক্লাবক ধন্যবাদ জনায়।
উক্ত অনুষ্ঠানটোত অধ্যক্ষতা কৰা ডাঃ পাৰ্থ প্ৰতিম বৰাই স্তন্যপানৰ তাৎপৰ্য আৰু বিশ্ব স্তন্যপান সপ্তাহৰ ওপৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। উদ্বোধনী ভাষণত ৰ’টাৰী ক্লাবৰ উপদেষ্টা আৰু উপ সভাপতি ৰুদ্ৰজিৎ লস্কৰে ৰ’টাৰী আৰু ৰ’টাৰী ক্লাব অৱ গুৱাহাটী আইকনচৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰে আৰু এই সেৱা প্ৰকল্পটোৰ অধ্যক্ষা সুধা লস্কৰে ৰে'ল ষ্টেচনত স্তন্যপানৰ কিয়স্ক স্থাপনৰ উদ্দেশ্যৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰে। শেহত ৰ’টাৰী ক্লাবৰ সম্পাদক শ্ৰী দীপাঞ্জন দাস গুপ্তাই শলাগৰ শৰাই আগবঢ়ায়।
উল্লেখযোগ্য যে, বিশ্ব স্তন্যপান সপ্তাহৰ সন্দৰ্ভত আন এক সজাগতা কাৰ্যসূচী বিগত ৫ আগষ্ট তাৰিখে মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰে'লৱে কেন্দ্ৰীয় চিকিৎসালয়ত অনুষ্ঠিত হৈ যায়। স্তন্যপানৰ গুৰুত্ব আৰু লাভালাভ সম্পৰ্কে ডাঃ বি পি ডেকা, ডাঃ অনুৰাধা গোস্বামী, ডাঃ অপূৰ্ব দাস, ডাঃ ইমানুৱেল টুলোৰ আৰু ডঃ সুনীতা আগৰৱালাৰ দ্বাৰা ভাষণ প্ৰদান কৰে। কাৰ্যসূচীত বহু সংখ্যক ৰে'লৱে হিতাধিকাৰীও উপস্থিত আছিল। পৰৱৰ্তী সময়ত স্তন্যপানৰ বিষয়ে শিক্ষা আৰু ইয়াৰ প্ৰতি সমৰ্থনৰ তোলাৰ বাবে প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ অন্তবৰ্তী বিভাগতো এক সভাৰ আয়োজন কৰা হয়।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 07, 2022, 23:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।