
গুৱাহাটীৰ(Guwahati) ফাঁচীবজাৰত পুৰণি কাৰাগাৰৰ মুঠ ৫৪ বিঘা ভূমিৰ ৩৫ বিঘাত Botanical Garden নিৰ্মাণ হ'ব। ইয়াৰে ১৯ বিঘা ভূমি অতিৰিক্তভাৱে খালী ৰখা হ'ব।
গুৱাহাটীৰ(Guwahati) ফাঁচীবজাৰত পুৰণি কাৰাগাৰৰ মুঠ ৫৪ বিঘা ভূমিৰ ৩৫ বিঘাত Botanical Garden নিৰ্মাণ হ'ব। ইয়াৰে ১৯ বিঘা ভূমি অতিৰিক্তভাৱে খালী ৰখা হ'ব।
সোমবাৰে গুৱাহাটীৰ(Guwahati) ফাঁচীবজাৰত অৱস্থিত পুৰণি কাৰাগাৰৰ চৌহদত প্ৰস্তাৱিত বটানিকেল গাৰ্ডেনত(Botanical Garden) এক গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন হয়। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণেৰে প্ৰস্তাৱিত বটানিকেল গাৰ্ডেনখনৰ শুভাৰম্ভ কৰে। ঊল্লেখ্য যে, উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত থাকি পবিত্ৰ ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণ কৰে।
জানিব পৰা মতে, পুৰণি কাৰাগাৰৰ মুঠ ৫৪ বিঘা ভূমিৰ ৩৫ বিঘাত Botanical Garden নিৰ্মাণ হ'ব। ইয়াৰে ১৯ বিঘা ভূমি অতিৰিক্তভাৱে খালী ৰখা হ'ব। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্যানখনৰ নিৰ্মাণকাৰ্যৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৩৫.৮১ কোটি টকা ব্যয় কৰা হ'ব আৰু লগতে অৱশিষ্ট ১৯ বিঘা ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে চৰকাৰে ৰাখি থ'ব বুলি জানিবলৈ দিয়ে। লগতে অনাগত এক-ডেৰ বছৰৰ ভিতৰতেই এই প্ৰস্তাৱিত বটানিকেল গাৰ্ডেনখন সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰে। ইয়াৰোপৰি অৱশিষ্ট ১৯ বিঘা মাটিৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত পৰিকল্পনা অনুসৰি প্ৰয়োজন হ'লে অতিৰিক্ত ব্যয় কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনায়। মন কৰিবলগীয়া কথা যে, অনাগত সময়ত এই প্ৰস্তাৱিত প্ৰকল্পটোৱে বৃহত্তৰ ফাচীবজাৰ অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|