মুখ্যপৃষ্ঠা »খবৰ »অসম »Army Jawan Death: গুৱাহাটীৰ হোটেলত চিপ লোৱা অৱস্থাত উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ। কাগজৰ টুকুৰাত উদ্ধাৰ এটা ফোন নম্বৰ!

Army Jawan Death: গুৱাহাটীৰ হোটেলত চিপ লোৱা অৱস্থাত উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ। কাগজৰ টুকুৰাত উদ্ধাৰ এটা ফোন নম্বৰ!

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ভি আই পি চ'কৰ এখন হোটেলত। চিপ লৈ আত্মাহত্যা কৰা আৰ্মীৰ জোৱান জন কেৰালাৰ অৰুণ ভি অ'।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ভি আই পি চ'কৰ এখন হোটেলত। চিপ লৈ আত্মাহত্যা কৰা আৰ্মীৰ জোৱান জন কেৰালাৰ অৰুণ ভি অ'।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ভি আই পি চ'কৰ এখন হোটেলত। চিপ লৈ আত্মাহত্যা কৰা আৰ্মীৰ জোৱান জন কেৰালাৰ অৰুণ ভি অ'।

  • Share this:
গুৱাহাটীৰ হোটেলৰ কোঠালিত চিপ লৈ থকা অৱস্থাত আৰ্মীৰ জোৱানৰ মৃতদেহ (Dead Body) উদ্ধাৰ। এই ঘটনা সংঘটিত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBI Airport)ৰ সমীপৰ ভি আই পি চ'কৰ এখন হোটেলত। চিপ লৈ আত্মাহত্যা কৰা আৰ্মীৰ জোৱান জন কেৰালা (Kerala)ৰ অৰুণ ভি অ'ৰ বুলি জানিব পৰা গৈছে ।

তথ্যমতে ২০ আগষ্টত দুপৰীয়া ১২.৪৫ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানযোগে দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল জোৱান অৰুণ ভি অ'। বিমানবন্দৰৰ পৰা পোনে পোনে আহি ভি আই পিৰ হোটেলখনতত আছিল জোৱানজন । কেৰালাৰ জোৱানজনে মহানগৰৰীৰ নাৰেংগীৰ আৰ্মী কেম্পত নিজৰ দায়িত্ব পালন কৰিব আহিছিল। কিন্তু বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন হোটেলত দুদিন থকাৰ পিছত দেওবাৰে হোটেলৰ কোঠালিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।

মৃতদেহৰ লগতে উদ্ধাৰ হয়  এখন ছুইচাইড নোট। ছুইচাইড নোটত জোৱানজনৰ পৰিয়ালৰ লোকৰ ফোন নম্বৰ লিখা আছিল আৰু লগতে আৰ্মী কেম্পৰ কমাণ্ডাৰক জনোৱাৰ বাবে এখনি ছুইচাইদ নোটত লিখি থৈ যায়। ছুইচাইদ নোটত লিখা মতে  পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে আত্মহত্যাৰ পথ বাছি লয় সেনা জোৱানজনে।

জোৱানজনে দুপৰীয়া ১২ বজাত হোটেল এৰি নাৰেংগীৰ আৰ্মী কেম্পলৈ যোৱাৰ কথা আছিল। হোটেল কৰ্তৃপক্ষই জোৱানজনৰ কোঠালিত থকা ফোনত বাৰে বাৰে ফোন কৰাৰ পিছতো ফোন ধৰা নাছিল। ফোন কল গ্ৰহণ নকৰাত হোটেল কৰ্মচাৰী কোঠালিৰ দৰ্জাত নক কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত পিছত  হোটেলৰ কৰ্মচাৰী পিছ  পিনে গৈ খিৰিকীৰে প্ৰত্যক্ষ কৰে  জোৱান জনে ফেনত  চিপ লৈ আছিল। তাৰ পিছতে কর্মচাৰীয়ে হোটেলৰ মালিকক খবৰ দিয়াত মালিকে বৰঝাৰ আৰক্ষীক এই ঘটনা অৱগত কৰে । ঘটনাস্থলীত  বৰঝাৰ আৰক্ষী উপস্থিত হয়। জোৱান অৰুণ ভি অ'ৰ মৃতদেহ  আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি