• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছত নাছিল এনে সংস্কৃতি, এনে পৰম্পৰা! বিজেপিৰ কাৰ্যনিৰ্বাহকলৈ আহি তবধ মানিলে প্ৰাক্তন কংগ্ৰেছীয়ে

কংগ্ৰেছত নাছিল এনে সংস্কৃতি, এনে পৰম্পৰা! বিজেপিৰ কাৰ্যনিৰ্বাহকলৈ আহি তবধ মানিলে প্ৰাক্তন কংগ্ৰেছীয়ে

বিজেপিৰ কাৰ্যনিৰ্বাহকৰ আয়োজন, পৰম্পৰা দেখি অভিভূত হ'ল কংগ্ৰেছ এৰি অহা ৰূপজ্যোতি কুৰ্মীকে ধৰি একাংশ৷

বিজেপিৰ কাৰ্যনিৰ্বাহকৰ আয়োজন, পৰম্পৰা দেখি অভিভূত হ'ল কংগ্ৰেছ এৰি অহা ৰূপজ্যোতি কুৰ্মীকে ধৰি একাংশ৷

বিজেপিৰ কাৰ্যনিৰ্বাহকৰ আয়োজন, পৰম্পৰা দেখি অভিভূত হ'ল কংগ্ৰেছ এৰি অহা ৰূপজ্যোতি কুৰ্মীকে ধৰি একাংশ৷

  • Share this:
উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে চলিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক৷ বিজেপিৰ কাৰ্যনিৰ্বাহকৰ আয়োজন, পৰম্পৰা দেখি অভিভূত হ'ল কংগ্ৰেছ এৰি অহা ৰূপজ্যোতি কুৰ্মীকে ধৰি একাংশ৷ আনকি উত্তৰ গুৱাহাটীত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত পুৰুষ কাৰ্যকৰ্তাই পিন্ধা পোছাক দেখি আচৰিত মানিলে আঙুৰলতা ডেকায়ো৷

কাক চাব? মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গাত পৰম্পৰাগত সাজ৷ ঢকঢকীয়া বগা ধূতী, কামিজ পিন্ধি কাৰ্যনিৰ্বাহকত ভাগ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাতো পৰম্পৰাগত সাজ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সকলোৱে পিন্ধিছে পৰম্পৰাগত সাজ৷ উত্তৰগুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এই আয়োজন, এই অনুশাসন দেখি আচৰিত একাংশ৷ মহিলাৰ তুলনাত পুৰুষ পোছাক পৰিধানত আগবাঢ়ি থকা বুলি মন্তব্য কৰিলে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই৷

"আজি আচৰিত হৈ গৈছো৷ আমি মহিলাসকল যেন পিছহে পৰি ৰৈছো সাজ–পোছাক পৰিধান কৰাত৷ ইয়ালৈ আহি দেখিছো সকলোৱে খুব ধুনীয়া পোচাক পৰিধান কৰিছে৷ আমি মহিলাসকলে সাধাৰণতে এনে অনুষ্ঠানলৈ আহিলে পৰম্পৰাগত সাজযোৰকে পৰিধান কৰো৷ আজি কিন্তু মহিলাক চেৰ পেলাইছে আমাৰ পুৰুষ কাৰ্যকৰ্তাই৷ বহুতকে দেখিছো ধূতী পৰিধান কৰা৷" – ক’লে আঙুৰলতা ডেকাই।

ইফালে, বিজেপি দলত কেইদিনমান পূৰ্বে যোগদান কৰা মৰিয়নীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে, কংগ্ৰেছত এয়া অসম্ভৱ৷ কংগ্ৰেছত নাছিল এনে পৰম্পৰা৷ ফুল চতিয়াই, শিৰত তিলক দি বিজেপিৰ কাৰ্যনিৰ্বাহকলৈ সকলোকে আদৰা দেখি অভিভূত হ'ল ৰূপজ্যোতি কুৰ্মী৷

বিজেপিৰ সংস্কৃতি পৰম্পৰা দেখি নকৈ নোৱাৰিলে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি মুখপাত্ৰ পংকজ বৰবৰায়ো। ক’লে – "সঁচাকৈয়ে এয়া অনন্য৷ বিজেপিয়ে সকলোকে সমানে চায়৷ সভাপতি এজনক যিমান গুৰুত্ব দিয়ে তৃণমূলৰ কাৰ্যকৰ্তা এজনকো দিয়ে৷ মই এয়া দেখি সচাকৈয়ে অভিভূত৷।"
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি