মুখ্যপৃষ্ঠা »খবৰ »অসম »Rapido bike in Assam: পল্টন বজাৰত একাংশ ৰেপিড' চালকৰ মইমতালি : নিশা হ'লেই যাত্ৰীক দুৰ্ব্যৱহাৰ 

Rapido bike in Assam: পল্টন বজাৰত একাংশ ৰেপিড' চালকৰ মইমতালি : নিশা হ'লেই যাত্ৰীক দুৰ্ব্যৱহাৰ 

Bike taxi in Guwahati

Bike taxi in Guwahati

বাইক সেৱাত নিশাৰ ভাগত জড়িত হৈ থকা বাইক চালকৰ থাকে নিজা নিজা লবী । একাংশ বাইক টেক্সি চালকে তীব্ৰ বেগত বাইক চলোৱাৰ লগতে যাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । 

  • Share this:
গুৱাহাটী,  ২৬ মে': গুৱাহাটীৰ পল্টন বজাৰৰ একাংশ ৰেপিড' চালকৰ বিৰুদ্ধে উঠিছে মইমতালিৰ অভিযোগ। একাংশ ৰেপিড' চালকে অন্য চালকক প্ৰহাৰৰ লগতে নিশাৰ ভাগত ভাবুকি দিয়াৰো তথ্য পোহৰলৈ আহিছে ৷ উল্লেখযোগ্য যে গুৱাহাটীত নিশাৰ ভাগত নিষ্ঠাৰে বাইক টেক্সি চলাই দুই এপইচা উপাৰ্জন কৰে ৰেপিড' চালকসকলে। কিন্তু একাংশ চালকৰ বাবে এই বাইক সেৱা হৈ পৰিছে বিৰক্তিদায়ক।

আপুনি শুনি আচৰিত হ'ব এই বাইক সেৱাত নিশাৰ ভাগত জড়িত হৈ থকা বাইক চালকৰ থাকে নিজা নিজা লবী। নিশা পল্টনবজাৰ ৰে'ল ষ্টেচনত অনলাইন ভাড়া বাদ দি অফ লাইন ভাড়া লোৱাত একাংশ চালকে বাধা প্ৰদান কৰে আন একাংশক, চলে গুণ্ডাৰাজ। একাংশই কেৱল ৰে'ল ষ্টেচনৰ ভিতৰভাগৰ এলেকা বা চৌহদ তেওঁলোকৰ বুলি দাবী কৰে। বিভিন্ন ভাবুকিও প্ৰদান কৰে অন্য চালকসকলক।

ইয়াৰোপৰি নিশাৰ ভাগত তিনিগুণ পৰ্যন্ত ভাড়া বৃদ্ধি কৰে এইসকল গুণ্ডাৰাজ চলোৱা ৰেপিড' চালকে। বহুতে অভিযোগ কৰা অনুসৰি কেৱল গুৱাহাটী ৰে'লৱে ষ্টেচনত একনায়কত্ববাদ চলাইছে একাংশই, যাৰ বাবে অসুবিধাত পৰিছে অন্য বাইক টেক্সি চালকসকল। ইয়াৰ উপৰি নিশাৰ ভাগত সুৰাপান কৰি একাংশ বাইক টেক্সি চালকে তীব্ৰ বেগত বাইক চলোৱাৰ লগতে যাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

ফলস্বৰূপে নিশাৰ ভাগত বাইকৰ সলনি কেব বুক কৰে একাংশ যাত্ৰীয়ে। বিশেষকৈ যুৱতী-মহিলাসকল যেন সুৰক্ষিত নহয় নিশা গুৱাহাটীত বাইক টেক্সিৰ যাত্ৰাত। আৰক্ষী প্ৰশাসনৰ লগতে গুৱাহাটী মহানগৰ প্ৰশাসনক এইক্ষেত্ৰত বিশেষ ভূমিকা ল'বলৈ সচেতন মহলে দাবী জনাইছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি