ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহক অন্বেষণ কৰাৰ অৰ্থে বিশেষভাৱে ডিজাইন কৰা ভাৰত গৌৰৱ ৰে'ল "নৰ্থ ইষ্ট ডিচকভাৰীঃ বিয়ণ্ড গুৱাহাটী" ৰে'লখনৰ পৰৱৰ্তী ভ্ৰমণ শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ (Guwahati Railway Station) পৰা শুভাৰম্ভ কৰা হয় (Bharat Gaurav Deluxe Train)। ৰে'লখন ইয়াৰ পৰৱৰ্তী গন্তব্যস্থান অৰ্থাৎ অৰুণাচল প্ৰদেশৰ নাহৰলগুন (Arunachal Pradesh ৰে'ল ষ্টেচনলৈ ৰাওনা হয়। বিগত ২১ মাৰ্চত দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা পৰ্যটকৰ সৈতে যাত্ৰা আৰম্ভ কৰাৰ পিছত ৰে'লখন বৃহস্পতিবাৰে গুৱাহাটী ষ্টেচনত উপস্থিত হৈছিল।
শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত আয়োজিত ৰে'লখনৰ ফ্লেগ অফ কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ভাৰত চৰকাৰৰ ৰে'ল, কয়লা আৰু খনি বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব পাটিল দানভেই ৰে'লখনক ভাৰ্চুৱেলী শুভাৰম্ভ কৰে।
এই শুভাৰম্ভ অনুষ্ঠানত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তা, উত্তৰ-পূব সীমান্ত ৰে'লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক সুনীল কুমাৰ ঝা আৰু লামডিঙৰ মাণ্ডলিক ৰে'লৱে প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰৰ লগতে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য আৰু সমৃদ্ধ সাংস্কৃতিক জীৱন আৱিষ্কাৰ আৰু অভিজ্ঞতা লাভ কৰিবলৈ ভাৰত গৌৰৱ ৰে'লৰ পৰিচালনত বিশিষ্ট ব্যক্তিসকলে অপৰিসীম আনন্দ প্ৰকাশ কৰে। 'ভাৰত গৌৰৱ' নামৰ প্ৰকল্পটোৰ অধীনত সমগ্ৰ দেশতে পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে'ল আৰু আইআৰচিটিচিয়ে গ্ৰহণ কৰা পদক্ষেপক সকলো পক্ষৰ পৰা গভীৰ প্ৰশংসা আৰু সমৰ্থনযোগ্য হিচাপে বিবেচিত হয়। এই ভাৰত গৌৰৱ ৰে'লখন পৰিচালনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পৰ্যটন খণ্ডই যথেষ্ট উৎসাহিত হ'ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 25, 2023, 08:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।