কোভিড সৃষ্ট পৰিবেশত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য।
প্রকৃতিয়ে স্বমহিমাৰে নিজৰ ৰূপ ধাৰণ কৰিছে ।
কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত যেন এতিয়া প্ৰকৃতিয়ে সৌন্দৰ্যৰ পোহাৰ মেলিছে ।চৌহদত লহপহকৈ ফুলি উঠিছে এজাৰ,কৃষ্ণচূড়া,ৰাধাচুড়া, সোণাৰুকে ধৰি নানা তৰহৰ ফুল।ৰঙীন প্ৰকৃতিয়ে হাত বাউল দি মাতিছে প্রকৃতিপ্ৰেমীক । কিন্তু উপভোগ কৰোতাহে কোনো নাই । কিয়নো ক'ভিড মহামাৰীৰ বাবে আন আন শিক্ষানুষ্ঠানৰ দৰে বিগত প্ৰায় ডেৰমাহ ধৰি বন্ধ হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান ।
চৌহদত এতিয়া নিমাওমাও পৰিবেশ আৰু তাৰ মাজতে চাৰিওফালে কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰ মেলা।চৌহদৰ মাজেৰে যোৱা জালুকবাৰীৰ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ পৰা সাতমাইললৈকে প্ৰায় দুই কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে ফুলি আছে এজাৰ ,কৃষ্ণচূড়া ,ৰাধাচূড়া,সোণাৰুকে ধৰি চিনাকী-অচিনাকী নানা তৰহৰ ফুল ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|