মুখ্যপৃষ্ঠা »খবৰ »অসম »Organic Vegetables in Guwahati: ৰাসায়নিক সাৰবিহীন গাঁৱৰ সতেজ পাচলি এতিয়া গুৱাহাটীৰ বাটে-ঘাটে

Organic Vegetables in Guwahati: ৰাসায়নিক সাৰবিহীন গাঁৱৰ সতেজ পাচলি এতিয়া গুৱাহাটীৰ বাটে-ঘাটে

X
ৰাসায়নিক //

ৰাসায়নিক সাৰ মিহলি খাদ্য সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্য। 

সৰুকচু, কলা কচু, বেল, বিভিন্ন টেঙা, মানিমুনি, মেজেঙা শাক, ঔটেঙা, খুটুৰা শাক , কাচকল, ঢেকীয়া, আদিকে ধৰি বিভিন্ন শাক-পাচলি । নিজকে সুস্থ কৰি ৰাখিব খুজিছে যদি এইসমূহ শাক-পাচলি খাওক ৷

  • Share this:
মৃগাংক মোহন দত্ত, গুৱাহাটী: ৰাসায়নিক সাৰ মিহলি খাদ্য সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্য । বজাৰ দখলৰ বাবে কেৱল ৰাসায়নিক সাৰ প্ৰয়োগ কৰি শাক পাচলি উৎপাদনৰ লক্ষ্য বহু খেতিয়ক-ব্যৱসায়ীৰ । গুৱাহাটীত উভৈনদী ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলি । কিন্তু তাৰ মাজতে এক বিশেষ দৃশ্য দেখুৱাম আপুনালোকক ।

মন কৰক এইসকল মহিলালৈ । গুৱাহাটীৰ পদপথত এইসকল মহিলাই বিক্ৰী কৰে পাহাৰত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলি । কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা এইসমূহ শাক-পাচলি কম দামতেই খাটি খোৱা এইসকল মহিলাই বিক্ৰি কৰি আহিছে । খিলঞ্জীয়া এই মহিলাসকলে গুৱাহাটীৰ দাতিকাষৰীয়া অঞ্চল যেনে সোণাপুৰ, ক্ষেত্ৰী, চন্দ্ৰপুৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা পাহাৰত কৰা জৈৱিক শাক-পাচলিসমূহ গুৱাহাটী মহানগৰীত এনেদৰেই বিক্ৰি কৰে ।

সৰুকচু, কলা কচু, বেল, বিভিন্ন টেঙা, মানিমুনি, মেজেঙা শাক, ঔটেঙা, খুটুৰা শাক , কাচকল, ঢেকীয়া, আদিকে ধৰি বিভিন্ন শাক-পাচলি । পুৱাই পাহাৰৰ পৰা এইসমূহ আনি মহানগৰীত বিক্ৰি কৰে এইসকল মহিলাই । উল্লেখযোগ্য যে, গুৱাহাটীত সতেজ শাক-পাচলি বিচাৰি হাবাথুৰি খাবলগীয়া হয় সাধাৰণ ৰাইজে । মহানগৰীৰ ভিন্ন প্ৰান্তত এই সতেজ শাক-পাচলিৰ চাহিদা পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে এইসকল খিলঞ্জীয়া মহিলাই ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি