মুখ্যপৃষ্ঠা »খবৰ »অসম »National Volleyball: অসম দলৰ বিদায় ! মহিলাৰ খেলত কেৰালা, ৰাজস্থানৰ ছেমিফাইনেলত প্ৰৱেশ ...

National Volleyball: অসম দলৰ বিদায় ! মহিলাৰ খেলত কেৰালা, ৰাজস্থানৰ ছেমিফাইনেলত প্ৰৱেশ ...

গুৱাহাটীত পূৰ্ণগতিত চলি আছে ৭১ সংখ্যক ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা ভলীবল প্ৰতিযোগিতা। দেশৰ ছিনিয়ৰ পৰ্যায়ৰ মহিলাৰ ভলীবল খেলত শক্তিশালী ৰাজস্থান আৰু কেৰালা দলে প্ৰথমেই ছেমি ফাইনেলত প্ৰৱেশ কৰে।

গুৱাহাটীত পূৰ্ণগতিত চলি আছে ৭১ সংখ্যক ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা ভলীবল প্ৰতিযোগিতা। দেশৰ ছিনিয়ৰ পৰ্যায়ৰ মহিলাৰ ভলীবল খেলত শক্তিশালী ৰাজস্থান আৰু কেৰালা দলে প্ৰথমেই ছেমি ফাইনেলত প্ৰৱেশ কৰে।

  • Share this:
গুৱাহাটীত পূৰ্ণগতিত চলি আছে ৭১ সংখ্যক ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা ভলীবল প্ৰতিযোগিতা। দেশৰ ছিনিয়ৰ পৰ্যায়ৰ মহিলাৰ ভলীবল খেলত শক্তিশালী ৰাজস্থান আৰু কেৰালা দলে প্ৰথমেই ছেমি ফাইনেলত প্ৰৱেশ কৰে।

সৰুসজাইৰ কৰ্মবীৰ নবিন চন্দ্ৰ বৰদলৈ ইন্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলৰ কোৱাৰ্টাৰ ফাইনেলত কেৰালাই হাৰিয়ানাক পৰাস্ত কৰাৰ বিপৰীতে ৰাজস্তান দলে হিমাচল প্ৰদেশক পৰাস্ত কৰে। ইফালে দুৰ্বল প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ পৰা বিদায় লয় অসমৰ পুৰুষ আৰু মহিলা দলে। ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সৰ্বভাৰতীয় ছিনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ সফল আয়োজন কৰিছে অসমে। আয়োজক সমিটিৰ অধ্যক্ষ হল জলসম্পদ, জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা। আনহাতে অসম ভলীবল সন্থাৰ সভাপতি তথা আয়োজক সমিটিৰ কাৰ্যকৰী সভাপতি হল শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে বিয়লি দেশৰ আগশাৰীৰ প্ৰতিযোগিতাখনৰ ফাইনেল খেল সমুহ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসমত দুবাৰকৈ সৰ্বভাৰতীয় পৰ্যায়ত ভলীবল প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত হৈছিল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি