মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ! কেতিয়ালৈ থাকিব শীতৰ এই আমেজ ? কোনদিনা ৰাজ্যৰ ক'ত হ'ব বৰষুণ ? জানক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ...

ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ! কেতিয়ালৈ থাকিব শীতৰ এই আমেজ ? কোনদিনা ৰাজ্যৰ ক'ত হ'ব বৰষুণ ? জানক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ...

শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৰাজ্যত, ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত বৰষুণৰ সম্ভাৱনা। ২৮ জানুৱাৰী পৰা গুৱাহাটীকে ধৰি ৰাজ্যত বৃদ্ধি পাইছে শীত। আগন্তুক কেইটামান দিনতো প্ৰচণ্ড শীত অব্যাহত থাকিব গুৱাহাটীৰ উপৰিও ৰাজ্যৰ বহু ঠাইত।

  • Share this:

শুকুৰবাৰে, ৰাজ্যত শীতৰ প্ৰকোপ ভালেখিনি বৃদ্ধি পাইছে। অসমত গড় হিচাপত ৭ ডিগ্ৰী ছেলচিয়াছলৈ নামে পাৰাস্তম্ভ। গুৱাহাটীৰ কোনো কোনো ঠাইত ৭ ডিগ্ৰী, ৮ ডিগ্ৰী আৰু ১০ ডিগ্ৰী থাকে পাৰাস্তম্ভ। ২৯ আৰু কাইলৈ ৩০ জানুৱাৰীতো গুৱাহাটীত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি ২৯ তাৰিখে পুৱা ৯ ডিগ্ৰীলৈ নামে পাৰাস্তম্ভ।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী মতে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত শীতৰ লগতে বৰষুণে জাৰৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনোৱাৰ লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত মহানগৰ গুৱাহাটীত বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটীৰ লগতে ডিব্ৰুগড়ত কালি পাৰাস্তম্ভ আছিল ১১ ডিগ্ৰী, আজি ৯ ডিগ্ৰী।
উত্তৰ লক্ষিমপুৰত ২৮ জানুৱাৰীত ৯ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ লগতে আজি ২৯ তাৰিখে ৮ ডিগ্ৰীলৈ নামে শীত।
শিলচৰত কালি আৰু আজি দুয়োটা দিনেই ১২ ডিগ্ৰী ছেলছিয়াছ থাকে শীত।
ধুবুৰীত কালিৰ দিনটোত ১২ ডিগ্ৰী থকা বিপৰীতে আজি ১৩ ডিগ্ৰী ছেলছিয়াছ শীত।
নলবাৰীত দুয়োটা দিনেই শীত ১০ ডিগ্ৰী ছেলছিয়াছ থাকে বুলি গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে।উল্লেখযোগ্য যে শীতৰ পৰা পৰিত্ৰাণ হোৱাৰ বাবে মহানগৰীত বিভিন্নজনে গ্ৰহণ কৰিছে বিভিন্ন পন্থা।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি