মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Weather: উদ্বেগজনক! অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস; কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই চিন্তাত পেলাইছে সকলোকে

Assam Weather: উদ্বেগজনক! অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস; কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই চিন্তাত পেলাইছে সকলোকে

বৰ্তমান গুৱাহাটী দিল্লীতকৈ অধিক প্ৰদূষিত হৈছে আৰু চাৰিওফালে ধূলিৰ ধুমুহাই অনাহূত পৰিৱেশৰ সৃষ্টি কৰিছে।

বৰ্তমান গুৱাহাটী দিল্লীতকৈ অধিক প্ৰদূষিত হৈছে আৰু চাৰিওফালে ধূলিৰ ধুমুহাই অনাহূত পৰিৱেশৰ সৃষ্টি কৰিছে।

বৰ্তমান গুৱাহাটী দিল্লীতকৈ অধিক প্ৰদূষিত হৈছে আৰু চাৰিওফালে ধূলিৰ ধুমুহাই অনাহূত পৰিৱেশৰ সৃষ্টি কৰিছে।

  • Share this:
প্ৰদূষণ বিশ্বৰ এটা প্ৰধান সমস্যা যাৰ বাবে পৰিৱেশ বিনষ্ট হোৱাৰ উপৰিও মানুহৰ লগতে অন্যান্য জীৱ–জন্তুৰ বহু পৰিমাণে ক্ষয়–ক্ষতি হয়। সমগ্ৰ ভাৰতৰ ভিতৰত দিল্লী চহৰ আটাইতকৈ প্ৰদূষণযুক্ত চহৰ হিচাপে পৰিগণিত হৈ আহিছে যদিও শেহতীয়াকৈ প্ৰদূষণৰ কবলত পৰিছে অসমৰ গুৱাহাটী চহৰ। গুৱাহাটীত বিগত তিনিদিন ধৰি একেৰাহে ধূলিময় তথা অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে। এই প্ৰদূষণৰ কাৰক হৈছে মানৱ সমাজৰ অত্যাধিক পৰিৱেশ বিধ্বংসী কাৰু–কাৰ্য, বনাঞ্চল ধ্বংস, প্ৰদূষণ সৃষ্টিকাৰী কৃত্ৰিম বস্তুৰ ব্যৱহাৰ।  এই প্ৰদূষণৰ বাবে ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। এই অস্বাভাৱিক পৰিবৰ্তনে ৰাজ্যবাসীৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা বৃদ্ধি হৈছে। ইয়াৰ পৰিপেক্ষিতত অসমত বৰষুণৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে।

জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত অসমত মাত্ৰ ৫ মিলি লিটাৰ বৰষুণ হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে। এই তথ্য অনুসৰি, জানুৱাৰী–ফেব্ৰুৱাৰী মাহত যিমান পৰিমাণৰ বৰষুণ হ’ব লাগিছিল তাৰে ৭৬ শতাংশ কম বৰষুণ হৈছে সমগ্ৰ অসমত। ইয়াৰোপৰি, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়তো বৰষুণৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে। ই সংকটজনক আৰু বৰষুণৰ অভাৱত বিশেষকৈ কৃষি সমাজৰ যথেষ্ট ক্ষয়–ক্ষতি হৈছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে–

কামৰূপ (গ্ৰাম্য) – ১ শতাংশ বৰষুণ হ্ৰাস

কামৰূপ (মহানগৰ) – ১০০ শতাংশ বৰষুণ হ্ৰাস

শোণিতপুৰ – ৩২ শতাংশ বৰষুণ হ্ৰাস

শিৱসাগৰ – ৪১ শতাংশ বৰষুণ হ্ৰাস

বাক্সা জিলা – ১০০ শতাংশ বৰষুণ হ্ৰাস

বৰপেটা – ৯৯ শতাংশ বৰষুণ হ্ৰাস

বঙাইগাওঁ – ৭৮ শতাংশ বৰষুণ হ্ৰাস

কাছাৰ – ৯৫ শতাংশ বৰষুণ হ্ৰাস

চিৰাং – ৮৯  শতাংশ বৰষুণ হ্ৰাস

দৰং – ১০০ শতাংশ বৰষুণ হ্ৰাস

ধেমাজি– ৫০ শতাংশ বৰষুণ হ্ৰাস

ধুবুৰী – ৯৩ শতাংশ বৰষুণ হ্ৰাস

ডিব্ৰুগড় – ৫৬ শতাংশ বৰষুণ হ্ৰাস

গোৱালপাৰা – ১ শতাংশ বৰষুণ হ্ৰাস

গোলাঘাট – ৯৭ শতাংশ বৰষুণ হ্ৰাস

হাইলাকান্দি – ৯৮ শতাংশ বৰষুণ হ্ৰাস

যোৰহাট – ৫৪ শতাংশ বৰষুণ হ্ৰাস

কাৰ্বি আংলং – ৯৮ শতাংশ বৰষুণ হ্ৰাস

কৰিমগঞ্জ – ৮৫ শতাংশ বৰষুণ হ্ৰাস

কোকৰাঝাৰ – ৬৪ শতাংশ বৰষুণ হ্ৰাস

লখিমপুৰ – ৫৪ শতাংশ বৰষুণ হ্ৰাস

মৰিগাওঁ – ১ শতাংশ বৰষুণ হ্ৰাস

ডিমা হাচাও – ৯৮ শতাংশ বৰষুণ হ্ৰাস

নগাঁও – ৯৬ শতাংশ বৰষুণ হ্ৰাস

নলবাৰী – ১০০ শতাংশ বৰষুণ হ্ৰাস

তিনিচুকীয়া – ৩২ শতাংশ বৰষুণ হ্ৰাস

ওদালগুৰি – ৯৭ শতাংশ বৰষুণ হ্ৰাস

এই তথ্যৰ ভিত্তিত ৰাজ্যত ৭৬ শতাংশ বৰষুণ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ সামগ্ৰিকভাৱে হ্ৰাস হোৱাৰ ফলত ৰাজ্যত সংকটজনক পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাইছে। বৰ্তমান গুৱাহাটী দিল্লীতকৈ অধিক প্ৰদূষিত হৈছে আৰু চাৰিওফালে ধূলিৰ ধুমুহাই অনাহূত পৰিৱেশৰ সৃষ্টি কৰিছে। বায়ু প্ৰদূষণৰ ফলত বিভিন্ন সমস্যা যেনে কাহ– চৰ্দি, এলাৰ্জী, জ্বৰ, উশাহ–নিশাহৰ অসুবিধা, হাওঁফাওঁৰ ৰোগে গা কৰি উঠে। বৰষুণে এই প্ৰদূষণ হ্ৰাস কৰাৰ যথেষ্ট ভূমিকা পালন কৰে। ইয়াৰ অভাৱত কৃষি সমাজত যথেষ্ট প্ৰভাৱ পেলাইছে। নৰ্থ  ইষ্টাৰ্ন টি এছ’ছিয়েচনে চাহ উৎপাদনত প্ৰদূষণৰ ফলত বিৰূপ প্ৰভাৱ পৰাৰ সংক্ৰান্তত বিগত ৪ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি