যুদ্ধক্ষেত্ৰ ইউক্ৰেইন (Ukraine)ৰ পৰা সুকলমে সুশৰীৰে গুৱাহাটী আহি পালে দুটিকৈ বিশেষে মেকুৰী (Pet Cat) । ইউক্ৰেইনৰ পৰা সোশৰীৰে শিক্ষাৰ্থীসকল আহি উপস্থিত হোৱাৰ সমান্তৰালভাৱে আজি আহি উপস্থিত হ'ল উক্ৰেইনৰ বিশেষ দুটি মেকুৰী । ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা মেকুৰীসহ সুকলমে গুৱাহাটী (Guwahati) আহি পালেহি দুই শিক্ষাৰ্থীও । গুৱাহাটীৰ চুলতানা নীলিমা হুছেইন আৰু মৰিগাঁৱৰ আফজালুৰ ৰহমান নিজৰ পোহনীয়া মেকুৰীৰ সৈতে সুকলমে আহি পালে অসম।
যুদ্ধ বিভীষিকাৰ মাজত ছুমী (Sumy)ত বাংকাৰত আৱদ্ধ হৈ আছিল নগৰবেৰাৰ আৰিফ মাহফুছ ছিদ্দিক, গুৱাহাটীৰ চুলতানা নীলিমা হুছেইন,মৰিগাঁৱৰ আফজালুৰ ৰহমান আৰু আবুল কালাম আজাদ । আটাইকেইজনক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি ভাৰত চৰকাৰে দিল্লীলৈ লৈ অনাৰ পিছত আজি বৰঝাৰ বিমানবন্দৰ (Guwahati Airport)ত উপস্থিত হয় শিক্ষাৰ্থীসহ মেকুৰী দুটা।
উল্লেখ্য যে অসমত ইউক্ৰেইনৰ পৰা সুকলমে জন্তু আহি পোৱা এইয়ে প্ৰথম । গুৱাহাটীৰ চুলতানা নীলিমা হুছেইন আৰু মৰিগাঁৱৰ আফজালুৰ ৰহমানৰ লগতে নিজৰ পোহনীয়া মেকুৰী দুটা সুকলমে অসম আহি পোৱাৰ বাবে আনন্দৰ বন্যা বৈছে পৰিয়ালৰ মাজত ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|