• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Board Exams 2021: মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীৰে টুইটাৰত টুইটৰ ধুমুহা, ছাত্ৰ প্ৰতিবাদক সমৰ্থন NSUIৰ...

Assam Board Exams 2021: মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীৰে টুইটাৰত টুইটৰ ধুমুহা, ছাত্ৰ প্ৰতিবাদক সমৰ্থন NSUIৰ...

representative image

representative image

Assam board exam 2021: একাংশই ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষকৈ twitterত আৰম্ভ কৰিছে কেম্পেইন, তেওঁলোকক HSLC and HS board exams নালাগে।

  • Share this:
একাংশই ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষকৈ twitterত আৰম্ভ কৰিছে এক কেম্পেইন। কিন্তু বৰ্তমান সময়ত এই কেম্পেইন কিয় ?

তেওঁলোকে ডিমাণ্ড কৰিছে Board of Secondary Education Assam (SEBA) ই অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষা আৰু Assam Higher Secondary Education Council (AHSEC)এ অনুষ্ঠিত কৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰিব লাগে। তেওঁলোকে উল্লেখ কৰিছে যে Central Board of Secondary Education (CBSE) আৰু আন আন কেইবাখনো ৰাজ্যৰ ব'ৰ্ড পৰীক্ষা বাতিল কৰা হৈছে। তেনে স্থলত ক'ৰোনা মহামাৰীৰ এই ক্ষণত অসমৰো এই পৰীক্ষাসমূহ বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ছাত্ৰ আৰু ছাত্ৰ সংগঠনে। NSUIএ টুইটাৰত তেওঁলোকৰ official statementত শীঘ্ৰেই পৰীক্ষা বাতিল কৰাৰ দাবী কৰিছে। লগতে একেই দাবীৰে টুইট কৰিছে আন একাংশই। ইতিমধ্যে #CancelAssamBordExams এ টুইটাৰত পাৰ কৰিছে ১ মিলিয়ন টুইটৰ সংখ্যা...










চৰকাৰেও এই সন্দৰ্ভত চিন্তা-চৰ্চা নকৰা নহয় ! ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে পৰীক্ষা নহলেও কিবা এটাৰ ভিত্তিত নম্বৰ দিবই লাগিব। CBSE ৰ নিচিনাকৈ অসমত internal assessment নাই, গতিকে অসুবিধা থকাৰ কথা হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল।

এতিয়া প্ৰশ্ন হৈছে কিহৰ ভিত্তিত নম্বৰ দিব ? ৰিজাল্ট লাভ কৰি যদি আকৌ কিছুমানে অসন্তুষ্ট হয় ? নম্বৰ দিব পৰা ভিত্তিও নাই ছেবাৰ ! নাইনৰ পৰীক্ষাৰ নম্বৰ মেট্ৰিক পৰীক্ষাত দিয়াটো সম্ভৱ জানো  ! সম্প্ৰতি চৰকাৰৰ কোৰ্টত বল ! সকলোৱে আশা কৰিছে দোদুল্য়মান স্থিতি পৰিহাৰ কৰক চৰকাৰে, সোনকালেই দিয়ক সিদ্ধান্ত।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি