ৰাজ্যত ১৫ দিনৰ বাবে মিনি লকডাউন। ১ বজাত বন্ধ হ’ব লাগিব দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান। কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নতুন নিৰ্দেশ।
নগৰ আৰু চহৰ এলোকাত আবেলি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। গাঁও অঞ্চলত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে ঘোষণা।
সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় ১৫ দিনৰ বাবে বন্ধ থাকিব।
১ বজাৰ লগে লগে বন্ধ হ’ব লাগিব সকলো দোকান-পোহাৰ।
১৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যাৰ সকলো সাপ্তাহিক হাট-বজাৰ।
ৰাজহুৱা ঠাইত ১ মিনিটৰ বাবেও মাস্ক খুলিব নোৱাৰিব। কোনোবাই ৰাজহুৱা ঠাইত মাস্ক খোলাৰ ভিডিও পালে আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।
সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব ১৫ দিনৰ বাবে। শিক্ষানুষ্ঠানত কোনো ধৰণৰ পাঠদান নহ’ব। অনলাইন ক্লাছ কৰিব পাৰিব।
সকলো বেংক ২ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব। ১ বজালৈ বেকংত লেনদেন কৰাব পাৰিব পোষ্ট অফিচ ২ বজাত বন্ধ কৰিব লাগিব।
ধাবা আৰু অন্যান্য ভোজনালয় কেৱল আবেলি ১ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথি সেৱা কৰিব পাৰিব।ইয়াৰ পিছত হোটেলৰ আবাসী সকলৰ নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব।আবেলি এক বজাৰ পিছত ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব।
চৰকাৰী বিভাগত কেৱল উপ সচিব আৰু তাৰ ওপৰৰ পৰ্যায়ৰ আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।এই কাৰ্যালয়সমূহ কেৱল ১ বজালৈ খোলা থাকিব।
কোনো অঞ্চলত কভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষাৰ কৰাৰ ৫ শতাংশ বা অধিক হ’লে,তেনে অঞ্চল জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰে।
বিবাহত সৰ্বাধিক ১০জন লোক থকাৰ অনুমতি।
মৃতকৰ শেষকৃত্য অনুষ্ঠানত কেৱল ১০ লোকৰ উপস্থিতিৰ অনুমতি।
সকলো ধৰ্মীয় অনুষ্ঠান, উপাসনা থলী ১৫ দিনলৈ বন্ধ।
যান-বাহনত আসন সংখ্যাৰ ৩০% যাত্ৰীৰ অনুমতি।
অট’ ৰিক্সা, টেক্সীত চালকৰ লগতে দুজন যাত্ৰীৰ অনুমতি।
মহিলা বা শিশু নহ’লে দুচকীয়া বাহনত দুজনৰ অনুমতি নাই।
ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰশাসনে দিব নিৰ্দেশনা।
যুগ্ম–অযুগ্মৰ ফৰ্মূলাৰে দিব নিৰ্দেশনা।
বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সকলোৰে যাতায়তত নিষেধাজ্ঞা।
ফাংচন যদি কোনোবাই ফাঁকি দি অনুষ্ঠিত কৰে তেনেহ’লে বিশ্বাসঘাতকতা আৰু হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হ’ব।
দোকান খোলাৰ অনুমতি থকা সময়ত যদি কোনোবাই ভিৰ কৰে তেতিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব।
কোভিডৰ ফলত আৰ্থিকভাবে ক্ষতিগ্ৰস্ত লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।হয়তো পেকেজ ঘোষণা কৰিব পাৰে।
উপায়ুক্তৰ কাৰ্যালয়সমূহ সীমিত কৰ্মচাৰীৰ উপস্থিতিত খোলা থাকিব। প্ৰয়োজন সাপেক্ষে কাৰ্যালয়লৈ মাতিব পাৰিব অকিৰিক্ত কৰ্মচাৰী।
কণ্টেইনমেণ্ট জ’নৰ সীমালৈ বস্তু দিবলৈ আহিব পাৰিব।
ফাৰ্মাচী, চিকিৎসানুষ্ঠান, পশু চিকিৎসা কেন্দ্ৰ খোলা থাকিব।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 12, 2021, 11:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|