মুখ্যপৃষ্ঠা »খবৰ »অসম »ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ...

ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ...

এতিয়া শীতৰ বতৰ। প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰিবলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

  • Share this:
এতিয়া শীতৰ বতৰ। প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰিবলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

ৰয়েল বেংগল টাইগাৰৰ বাবে ৰুম হিটাৰ, সিংহৰ বাবে ব্ল'ৱাৰ আৰু সৰীসৃপৰ বাবে হাই ভল্টেজ বাল্বৰ ব্যৱস্থা কৰা হৈছে। চাৰিওফালে গছ গছনিৰে আৱৰা চিৰিয়াখানা চৌহদৰ প্ৰচণ্ড ঠাণ্ডা ৰোধ কৰিবলৈ জীৱ জন্তুৰ কক্ষৰ সন্মুখত স্হাপন কৰা হৈছে হিটাৰ।

জন্তুবোৰে তাপমাত্ৰা সামান্য ইফাল সিফাল হোৱা সহ্য কৰিব নোৱাৰে। এই জন্তুবোৰ বন্দী জন্তু সেয়ে নিশাৰ সময়ত বেষ্টনীৰ ভিতৰত থাকে। বেষ্টনীৰ ভিতৰত ঠাণ্ডা বেছি হোৱাৰ বাবে জন্তুবোৰ অসুস্থ হোৱাৰ লগতে আন জটিলতাই দেখা দিব পাৰে। সেয়েহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ অশ্বিনী কুমাৰে।

আনহাতে মুকলিকৈ থকা বেষ্টনীবোৰ নিশা ঢাকি ৰখা হয়। ফেলাইন, সৰু চৰাই, সৰীসৃপ আৰু কেনাইনবোৰে আটাইতকৈ ঠাণ্ডা অনুভৱ কৰে। সাপ আৰু কাছক গৰম কৰি ৰাখিবৰ বাবে উচ্চ ভল্টেজ লাইট স্থাপন কৰা হৈছে। মাটিত খেৰ ৰখা হৈছে যাতে কাছবোৰে নিজকে জমা কৰিব পাৰে।

অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেন (গুৱাহাটী চিৰিয়াখানা নামেৰে জনাজাত) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আৰু ই ৪৩২ একৰ (১৭৫ হেক্টৰ) জুৰি বিয়পি আছে। এই চিৰিয়াখানা  মহানগৰীৰ হেঙেৰাবাৰীৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত। চিৰিয়াখানাখনত প্ৰায় ৮৯৫ টা জীৱ-জন্তু, চৰাই আৰু সৰীসৃপ আছে যি য়ে সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ১১৩ প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাইক প্ৰতিনিধিত্ব কৰে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি