মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বঁটাপ্ৰাপকৰ চেক বাউন্স হোৱাৰ অভিযোগ ! অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ স্পষ্টীকৰণ ...

ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বঁটাপ্ৰাপকৰ চেক বাউন্স হোৱাৰ অভিযোগ ! অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ স্পষ্টীকৰণ ...

অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ স্পষ্টীকৰণ। অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বঁটা প্ৰাপকসকলে লাভ কৰা চেক সমূহ বাউন্স হোৱাৰ অভিযোগক লৈ সীমান্ত শেখৰৰ এই স্পষ্টীকৰণ। 

  • Share this:
অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ স্পষ্টীকৰণ। অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বঁটা প্ৰাপকসকলে লাভ কৰা চেক সমূহ বাউন্স হোৱাৰ অভিযোগক লৈ সীমান্ত শেখৰৰ এই স্পষ্টীকৰণ।

ছচিয়েল মিডিয়াত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ স্পষ্টীকৰণ প্ৰকাশ কৰে। তেওঁ পোষ্টটোত লিখিছে- "অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বঁটা প্ৰাপক সকলে লাভ কৰা চেক সমূহ বাউন্স হোৱা বাতৰি লিখি ব্যক্তিগত ভাৱে সামাজিক মাধ্যমত মোক হেয় প্ৰতিপন্ন কৰাৰ এক অপচেষ্টা কেইজন মান ব্যক্তিয়ে কৰা দেখা গৈছে। বঁটা প্ৰাপক সকলে লাভ কৰা চেক সমূহ বাউন্স হোৱা বুলি কোৱা হৈছে , সেই চেক সমূহ সাংস্কৃতিক সঞ্চালকৰ ৰবীন্দ্ৰ ভৱন স্থিত কাৰ্য্যালয়ৰ পৰা প্ৰদান কৰা হৈছিল আৰু তাত সাংস্কৃতিক সঞ্চালিকা মীনাক্ষী নাথ ডাঙৰীয়ানীয়ে চহী কৰিছিল। যিহেতু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে এই চেক সমূহ প্ৰদান কৰা নাই বা চহী কৰা নাই সেয়ে বাতৰি সমূহত দেখাৰ দৰে এই নিগমৰ অধ্যক্ষ হিচাপে মই সীমান্ত শেখৰ বা আমাৰ কাৰ্য্যালয়ৰ কোনোৱে এই চেক প্ৰদানৰ সৈতে জড়িত নহয়।"

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি