প্ৰাক্তন বিজেপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক(Sarbananda Sonowal) বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা। সোণোৱালক ক’ত কেনেদৰে সংস্থাপিত কৰিব সেয়া সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যেই গ্ৰহণ কৰিছে। আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসে (Ranjit Kumar Das)।
ৰণজিত কুমাৰ দাসৰ মন্তব্য, "কেন্দ্ৰীয় নেতৃত্বৰ লগত ইতিমধ্যেই ১ ঘণ্টা ১০ মিনিট এই সন্দৰ্ভত আলোচনা হৈছে সৰ্বানন্দ সোণোৱালৰ।"
ৰণজিত কুমাৰ দাসে আৰু কয় যে "বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও (Himanta Biswa Sarma) সম্পূৰ্ণ জ্ঞাত যে সোণোৱালক ক’ত সংস্থাপিত কৰা হ’ব।"
লক্ষণীয়ভৱে অচিৰেই ৰাজ্যিক বিজেপিৰ সভাপতি সলনি নহয় বুলি গুৰত্বপূৰ্ণ মন্তব্য কৰে ৰণজিত কুমাৰ দাসে। অহা ৬ মাহলৈ সভাপতি সলনি নহয় বুলি স্পষ্ট কৰি দিয়ে বৰ্তমানৰ সভাপতি তথা কেবিনেট মন্ত্ৰী দাসে। এই সন্দৰ্ভত সোমবাৰে ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা(JP Nadda) আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ সৈতে ৰণজিত দাসে আলোচনা কৰা বুলিও জনায়।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 11, 2021, 11:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।